মুখ্য-পৃষ্ঠা

অন্ততঃ গধূলি ভাগত খোলা ৰাখক সুৰাৰ দোকানঃ যদু-মধু নহয়, বলিউডৰ ছুপাৰ ষ্টাৰ ঋষি কাপুৰৰ আহ্বান…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছে চলোৱা তাণ্ডৱৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশত লকডাউন কৰা হৈছে। যাৰ ফলত গৃহ বন্দী হৈ থাকিব লগা হৈছে দেশবাসী। এই সময়চোৱাত ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ আছে বলিউডৰ তাৰকাসকল। তাৰমাজতে বলিউডৰ জনপ্ৰিয় অভিনেতা ঋষি কাপুৰে কৰা এটা টুইট ভাইৰেল হৈ পৰা দেখা গৈছে।

টুইটটোত দিগ্বজ অভিনেতাগৰাকীয়ে লিখিছে- ' ভাবক। চৰকাৰে সন্ধিয়া কিছু সময়ৰ বাবে লাইচেঞ্চ থকা সকলো সুৰাৰ বিপনী খোলাৰ বাবে অনুমতি দিব লাগে। মোক ভুল নুবুজিব। মানুহবোৰ আৰক্ষী, চিকিৎসকৰ মাজত চিন্তা আৰু অনিশ্চিয়তাৰ মাজত আছে। কিছু সকাহৰ প্ৰয়োজন আছে। অবৈধভাৱেতো সুৰা বিক্ৰী হৈয়ে আছে।'

বৰ্তমান ছ'চিয়েল মিডিয়াত অভিনেতা গৰাকীৰ এই টুইটটো বাৰুকৈ ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, লকডাউনৰ সময়চোৱাত কেৱল গেলামাল আৰু অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দোকানহে খোলাৰ অনুমতি দিছে চৰকাৰে। আৰু দোকানসমূহ খুলি ৰখাৰ বাবে সময়ো নিৰ্ধাৰণ কৰি দিয়া হৈছে। যাতে লকডাউনৰ সময়চোৱাত দেশবাসীয়ে প্ৰয়োজনীয় সামগ্ৰীসমূহ লাভ কৰে।