প্ৰতীকি ফটো
প্ৰতীকি ফটো 
মুখ্য-পৃষ্ঠা

বিশ্বনাথত ৰিমঝিম বৰুৱা সোঁৱৰণী আধুনিক নৃত্য প্ৰতিযোগিতা...

Asomiya Pratidin

ডিজিটেল সংবাদ,বিশ্বনাথঃ বিশ্বনাথ কেন্দ্ৰীয় সাংস্কৃতিক মঞ্চৰ সৌজন্যত হিমালয় বিবাহ ভৱনত অনুষ্ঠিত হয় ঊনবিংশ বাৰ্ষিক সদৌ অসম ৰিমঝিম বৰুৱা সোঁৱৰণী আধুনিক নৃত্য প্ৰতিযোগিতা।পুৱাই পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সাংস্কৃতিক মঞ্চৰ সভাপতি গনেশ চন্দ্ৰ দাসে আৰু বন্তি প্ৰজ্বলন কৰে প্ৰয়াত ৰিমঝিম বৰুৱাৰ মাতৃ ৰেণু বৰুৱাই।

তাৰ পিছতে আৰম্ভ হয় আধুনিক নৃত্য প্ৰতিযোগিতা। মঞ্চ উদ্ধোধন কৰে কেন্দ্ৰীয় সাংস্কৃতিক মঞ্চৰ উপদেষ্টা কমল হাজৰিকাই। প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন স্থানৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। তিনিটা শাখাত অনুষ্ঠিত কৰা হয় প্ৰতিযোগিতা । বিচাৰকৰ আসন শুৱনি কৰে নিৰ্মল দাস আৰু চিন্ময় মহন্তই।

উল্লেখ্য যে, বিশ্বনাথৰ কন্যা তথা ৰাজ্যৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰয়াত ৰিমঝিম বৰুৱাৰ সোঁৱৰণত প্ৰতি বছৰে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। তাৰ সমান্তৰালকৈ এই বছৰো ঊনবিংশ বাৰ্ষিক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে। প্ৰতিযোগিতাত প্ৰায় ডেৰ শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি, পুৱা ১০ বজাৰ পৰা তিনিটা শাখাত প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে যদিও নিশা পৰ্যন্ত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ থাকিব।এই অনুষ্ঠান শেষ হোৱাৰ পিছতে আৰম্ভ কৰা হ'ব বটাঁ বিতৰণী সভা।

প্ৰতিযোগিতাখন পৰিচালনা কৰে কেন্দ্ৰীয় সাংস্কৃতিক মঞ্চৰ সাধাৰণ সম্পাদক দীপক শইকীয়াই। অনুষ্ঠানত উপস্থিত থাকে উপ সভাপতি দেবব্ৰত শইকীয়া,সহকাৰী সম্পাদক দূৰ্লভ ভৰালী,সদস্য মাহমুদ আহমেদ সহ স্থানীয় লোকসকল ।