মুখ্য-পৃষ্ঠা

সুশান্ত আত্মহত্যাৰ গোচৰঃ ৰিয়া চক্ৰৱৰ্তীৰ বাসগৃহত তালাচী, এনচিবিয়ে লৈ গ’ল ভাতৃ শ্বোৱিক চক্ৰৱৰ্তীক…

asomiyapratidin

ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰত ড্ৰাগছ ব্যৱহাৰ কৰাৰ অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে নাৰ্ক'টিকছ কন্ট্ৰ'ল ব্যুৰ চমুকৈ এনচিবিয়ে। এই সন্দৰ্ভত মুল অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শ্বোৱিক চক্ৰৱৰ্তীক সোধ-পোছ কৰা হৈছে।

উল্লেখ্য যে, শুকুৰবাৰে এন চি বিৰ এটা দলে ৰিয়া চক্ৰৱৰ্তীৰ বাসগৃহত তালাচী চলায়। তাৰপাছত লগত লৈ যায় অভিনেত্ৰীগৰাকীৰ ভাতৃ শ্বোৱিক চক্ৰৱৰ্তীক। দৰাচলতে এনচিবিয়ে চলোৱা তদন্ত শ্বোৱিক চক্ৰৱৰ্তী আৰু ছেমুৱেল মিৰাণ্ডাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে যোগাযোগ থকা বুলি প্ৰমাণ লাভ কৰিছিল।