মুখ্য-পৃষ্ঠা

ভাৰতীয় ৰিজাৰ্ৱ বেংকৰ ডেপুটি গৱৰ্ণৰৰ বাবে ৮ গৰাকী প্ৰতিদ্বন্দী

asomiyapratidin


ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ৱ বেংকৰ জ্যেষ্ঠ ডেপুটি গৱৰ্ণৰ এন. এছ বিশ্বনাথনৰ পদত্যাগৰ পাছত সদ্যহতে খালী হৈ আছে ৰিজাৰ্ৱ বেংকৰ ডেপুটি গৱৰ্ণৰৰ পদটো। ৰিজাৰ্ৱ বেংকৰ সুত্ৰত প্ৰকাশ পোৱা অনুসৰি উক্ত খালী হৈ থকা পদটোৰ বাবে ইতিমধ্যে আগ্ৰহী ৮ গৰাকী প্ৰাৰ্থীয়ে আৱেদন কৰিছে।

অহা ২৩ জুলাই তাৰিখে পদটোৰ বাবে আৱেদন কৰা প্ৰাৰ্থী সকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হ'ব। সাক্ষাৎকাৰৰ অন্তত নিৰ্বাচিত প্ৰাৰ্থীগৰাকীৰ নাম প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ'ব অন্তিম বাছনিৰ বাবে। উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ৱ বেংকত চাৰিজন ডেপুটি গৱৰ্ণৰ থাকে । আৰু প্ৰতিজনে মাহিলী বেতন ২ লাখ ২৫ হাজাৰ টকাৰ লগতে অন্যান্য ভাট্টাও পায়।