মুখ্য-পৃষ্ঠা

ৰিলায়েন্সৰ নতুন সুবিধা! মুক্তিৰ দিনাই ঘৰতে বহি চাব পাৰিব যিকোনো ছবি

asomiyapratidin

ডিজিটেল ডেস্কঃ অহা ৫ চেপ্তেম্বৰত মুকলি কৰা হ'ব ৰিলায়েঞ্চ ইণ্ড্ৰাষ্ট্ৰীজ লিমিটেডৰ অন্য এক নেটৱৰ্কিং সুবিধা। জিঅ' ফাইবাৰ প্লেন (Jio GigaFiber Plan) হিচাপে পৰিচিত এই নেটৱৰ্কিং সুবিধা মুকলি সন্দৰ্ভত শুকুৰবাৰে জানিবলৈ দিয়ে আৰআইএলৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। মুম্বাইৰ বিৰলা মাতৃশ্ৰী সভাকক্ষত আয়োজিত আৰআইএলৰ বাৰ্ষিক সাধাৰণ সভাত মুকেশ আম্বানীয়ে কয়, 'জিঅ' ফাইবাৰৰ লক্ষ্য ২৪ লাখ সৰু আৰু মজলীয়া ব্যৱসায়ক শক্তিশালী কৰা। ইয়াক সৰল আৰু সহজেই বুজিব পৰা টাৰিফ প্লেনৰ সৈতে মুকলি কৰা হ'ব। জিঅ' ফাইবাৰৰ দাম প্ৰতিমাহত ৭০০ টকাৰ পৰা ১০,০০০ টকা পৰ্যন্ত ধাৰ্য্য কৰা হৈছে।'

মুকেশ আম্বানীয়ে সভাত জিঅ' ফ'ৰএভাৰ প্লেন ক্ৰয় কৰা গ্ৰাহকক এটা ৪কে টিভি আৰু ৪কে চেট টপ বক্স বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব বুলিও জানিবলৈ দিয়ে। য'ত বিশ্বৰ বিভিন্ন প্ৰসিদ্ধ কোম্পানীৰ ভিডিঅ' গেম উপলব্ধ থাকিব। ইয়াৰ উপৰিও জিঅ' ফাইবাৰৰ সৈতে প্ৰিমিয়াম অ'টিটি এপ্লিকেশ্যনো প্ৰদান কৰা হ'ব।

লগতে জিঅ' ফাইবাৰ প্লেনৰ সৈতে লেণ্ডলাইন কানেকশ্যন প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে মুকেশ আম্বানীয়ে। যাৰ দ্বাৰা দেশৰ ভিতৰত যিকোনো কল আজীৱন বিনামূলীয়া হ'ব। তদুপৰি ২০২০ চনৰ মধ্যভাগলৈ জিঅ' গিগাফাইবাৰৰ প্ৰিমিয়াম গ্ৰাহকসকলে মুক্তিৰ দিনাই যিকোনো ছবি উপভোগ কৰাৰ সুবিধা লাভ কৰিব। মুকেশ আম্বানীয়ে সদৰী কৰা মতে, গ্ৰাহকক প্ৰদান কৰিবলগীয়া এই সুবিধাক 'ফাৰ্ষ্ট ডে', ফাৰ্ষ্ট শ্ব' ৰূপে নামাকৰণ কৰা হৈছে।

অহা ৫ চেপ্তেম্বৰত জিঅ'ৰ তৃতীয় বৰ্ষপুতিৰ দিনা বজাৰত মুকলি কৰা হ'ব জিঅ' ফাইবাৰ। যাৰ জৰিয়তে ডিজিটেল ইণ্ডিয়াৰ দিশত ভাৰত আকৌ এখোজ আগবাঢ়িবলৈ সক্ষম হ'ব বুলি দাবী কৰিছে মুকেশ আম্বানীয়ে। তেওঁ কয়, 'জিঅ' অহাৰ পূৰ্বে ডিজিটেলৰ দিশত ভাৰত অন্ধকাৰত আছিল। কিন্তু জিঅ' অহাৰ পিছত এতিয়া সকলোফালে পোহৰ হৈছে। এই পোহৰ ৰেঙনি অধিক উজ্বল হোৱাৰ লক্ষ্যৰে আমি জিঅ' ফাইবাৰ মুকলি কৰিবলৈ ওলাইছো।'