মুখ্য-পৃষ্ঠা

সাংবিধানিক ৰক্ষাকৱচ কমিটি গঠনক লৈ তীব্র অসন্তুষ্টি খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৰ্তমান নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন দ্বিতীয় কাৰ্যকালৰ ভাৰত চৰকাৰে গঠন কৰা সাংবিধানিক ৰক্ষাকৱচ কমিটিত এজনো খিলঞ্জীয়া জনজাতীয় প্ৰতিনিধি অন্তর্ভুক্ত কৰা নহল। এইয়া ভাৰত চৰকাৰৰ অসমৰ খিলঞ্জীয়া জনজাতীয় লোকৰ প্ৰতি কৰা অবহেলা আৰু অৱজ্ঞা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমে।

খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ দিবৰ বাবে গঠন কৰা সমিতিত অসমৰ খিলঞ্জীয়া জনজাতীয় সকলৰ প্ৰতিনিধি নাই। সেইয়া কেনেধৰণৰ সমিতি, এইয়া বুজিবলৈ বাকী নাই বুলি কটাক্ষ কৰিছে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমে।

এই সন্দৰ্ভত অহা ২৭ আৰু ২৮ জুলাই, ২০১৯ তাৰিখে ডিমা হাছাও জিলাৰ হাফলংত অনুষ্ঠিত হবলগীয়া খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমৰ ৪ ৰ্থ অভিৱৰ্তনত বিস্তৃতভাবে আলোচনা কৰি সিদ্ধান্ত ঘোষণা কৰা হব। খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ সম্পাদক প্রধান শ্রী কমলাকান্ত মুছাহাৰীয়ে জানিবলৈ দিয়ে এই কথা।