মুখ্য-পৃষ্ঠা

মোদীৰ ঘনিষ্ঠ গুৰুমূৰ্তিক আৰ বি আইত নিযুক্তি

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ অন্যতম সঞ্চালক মণ্ডলী ৰূপে নিযুক্তি দিয়া হৈছে এছ গুৰুমূৰ্তিক। মোদীৰ ঘনিষ্ঠ ৰূপে পৰিচিত গুৰুমূৰ্তি অংশকালীন হিচাপে এই নিযুক্তি দিয়া হৈছে।

২০২০চনলৈ তেওঁ এই পদত থাকিব। ২০১৬চনত মোদী চৰকাৰে যিবোৰ বিমুদ্ৰাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল সেই প্ৰক্ৰিয়াত সমৰ্থন আৰু পৰামৰ্শ দিয়াসকলৰ ভিতৰত আছিল গুৰুমূৰ্তিও অন্যতম।

উল্লেখযোগ্য যে, আৰ বি আই সঞ্চালনা সমিতিত ২০জন সঞ্চালক থাকে। বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক এই  পদত নিযুক্তি দিয়া হয়।

এজন চাৰ্টাড একাউনটেণ্ট কৰ্ম জীৱন আৰম্ভ কৰা গুৰুমূৰ্তিক যোগ্যতা ভিত্তিত নিযুক্তি দিয়া হৈছে বুলি চৰকাৰী সূত্ৰত কোৱা হৈছে। গুৰুমূৰ্তিৰ লগতে এই সমিতি মোদী চৰকাৰে সঞ্চালকৰূপে দিছে সতীশ মাৰাঠীক।