মুখ্য-পৃষ্ঠা

বিশিষ্ট সাংবাদিক ৰবীশ কুমাৰলৈ এছিয়াৰ ন’বেল খ্যাত ৰমন মেগাছেছে বঁটা

asomiyapratidin

ডিজিটেল ডেস্কঃ সাংবাদিকতাৰ জগতত এক সুকীয়া পৰিচয় স্থাপন কৰা বিশিষ্ট সাংবাদিক ৰবীশ কুমাৰলৈ আগবঢ়োৱা হৈছে এছিয়াৰ ন'বেল খ্যাত ৰমন মেগাছেছে বঁটা। শুকুৰবাৰে বটা প্ৰদানকাৰী সংস্থাই কৰে এই ঘোষণা। এই বঁটা পাবলৈ সক্ষম হোৱা ৰবীশ কুমাৰ হৈছে ষষ্ঠজন সাংবাদিক।

ইয়াৰ পূৰ্বে ১৯৬১ চনত অমিতাভ চৌধুৰী, ১৯৭৫ চনত ৱিজি বৰ্গীজ, ১৯৮২ চনত অৰুণ চৌৰী, ১৯৮৪ চনত আৰ কে লক্ষ্মণ আৰু ২০০৭ চনত এই বঁটা পি সাইনাথে লাভ কৰিছিল। এচিয়াত বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা ব্যক্তি আৰু সংস্থাক এই ৰমন মেগাছেছে বঁটা প্ৰদান কৰা হয়।ফিলিপিন্সৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ৰমন মেগাছেছেৰ স্মৃতিত প্ৰদান কৰা হয় এই বঁটা।

https://twitter.com/MagsaysayAward/status/1157122862110502912

উল্লেখ্য যে, বৰ্তমান ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এন ডি টিভিৰ মেনেজিং এডিটৰ পদত কাৰ্যনিবাহ কৰি আছে ৰবীশ কুমাৰে। ২০১৯ বৰ্ষত ৰবীশ কুমাৰৰ বাহিৰে এই বঁটা লাভ কৰিছে আন ৪ জন ব্যক্তিয়ে। তেওলোক হল- স্টে ৱিন, থাইলেণ্ডৰ অঙ্গখানা নীলাপজীত, ফিলিপিন্সৰ ৰেমুণ্ডে পুঞ্জাতে আৰু দক্ষিণ কোৰিয়াৰ কিম জঙ্গ।