মুখ্য-পৃষ্ঠা

আগষ্টা ৱেষ্টলেণ্ড কেলেংকাৰীঃ ৰতুল পুৰীৰ জামিন আবেদন সন্দৰ্ভত ইডিলৈ আদালতৰ জাননী

asomiyapratidin

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ ভাগিন ৰতুল পুৰীৰ জামিন আবেদনৰ শনিবাৰে শুনানি গ্ৰহণ কৰে দিল্লীৰ ৰাউচ এভিনিউ আদালতে। আগষ্টা ৱেষ্টলেণ্ড ধনৰ সৰবৰাহ গোচৰৰ অভিযোগত অভিযুক্ত ৰতুল পুৰীক ইডিয়ে গ্ৰেপ্তাৰ কৰি সোধাপোছা অব্যাহত ৰাখিছে। বৰ্তমানেও ইডিৰ জিম্মাত আছে ৰতুল পুৰী।

ইফালে ৰতুল পুৰীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে শনিবাৰে ইডিলৈ জাননী জাৰি কৰে আৰু আগষ্টা ৱেষ্টলেণ্ড ধন সৰবৰাহ গোচৰৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত আদালতক অৱগত কৰিবলৈ কয়।

উল্লেখ্য যে, কেইবা কোটীটকীয়া আগষ্টা ৱেষ্টলেণ্ড কেলেংকাৰীত ধনৰ সৰবৰাহৰ অভিযোগত নাম সাঙোৰ খাই পৰিছে ব্যৱসায়ী তথা মুখ্যমন্ত্ৰী কমল নাথৰ ভাগিন ৰতুল পুৰীৰ নামো। এই গোচৰৰ তদন্ত চলাই থকা ইডিয়ে ৰতুল পুৰীক গ্ৰেপ্তাৰ কৰি সোধাপোছা চলায় আছে। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ২২ নৱেম্বৰত হ'ব।