মুখ্য-পৃষ্ঠা

ৰক্ষকেই যেতিয়া হৈ পৰে ভক্ষক! মুম্বাইত আৰক্ষী বিষয়াৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ মহিলা কনিষ্টবলৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ যেতিয়াই সাধাৰণ নাগৰিক নিৰ্যাতন বা অত্যাচাৰৰ বলি হয়, ন্যায় বিচাৰি উপস্থিত হয় আৰক্ষীৰ ওচৰত৷ সকলোৱে ভাৱে, তেওঁলোকৰ বিৰুদ্ধে চলা অন্যায়ৰ বিচাৰ কৰি আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰিব৷ এয়াই আৰক্ষী-প্ৰশাসনৰ ওপৰত থকা সাধাৰণ মানুহৰ বিশ্বাস৷ কিন্তু ৰক্ষকেই যেতিয়া ভক্ষকৰ ৰূপ ধাৰণ কৰে তেতিয়া সাধাৰণ জনতা অধিক শংকিত হৈ পৰে৷ কিয়নো জনতাৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী নিজেই অপৰাধী হৈ পৰিলে সাধাৰণ নাগৰিকক নিৰাপত্তা প্ৰদান কৰিব কোনে?

নৱী মুম্বাইত তেনে এক ঘটনা পোহৰলৈ আহিছে৷ যাৰ পিছত আৰক্ষী-প্ৰশাসনৰ ওপৰত সাধাৰণ মানুহৰ আস্থা নাইকিয়া হোৱাটো স্বাভাৱিক৷ এগৰাকী মহিলা কনিষ্টবলে আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে৷ ইতিমধ্যে নিৰ্যাতিতা মহিলা কনিষ্টবলগৰাকীয়ে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণ শাখাত অভিযোগো দাখিল কৰিছে৷

মহিলাগৰাকীয়ে অভিযোগ কৰা মতে, ২০১৭ চনৰ মাৰ্চ মাহৰ পৰাই তেওঁক অমিত চেলাৰ নামৰ আৰক্ষী বিষয়া এজনে ধৰ্ষণ কৰি আহিছে৷ ২০১৭ চনৰ মাৰ্চত আৰক্ষীৰ এক অনুষ্ঠানত তেওঁৰ পানীয়ত অভিযুক্ত আৰক্ষী বিষয়াজনে নিচাজাতীয় ঔষধ মিহলাই খাবলৈ দিছিল৷ ইয়াৰ পিছত যেতিয়া তেওঁ অচেতন হৈ পৰে, তেতিয়া তেওঁক ধৰ্ষণ কৰা হয়৷

ইফালে অভিযুক্ত বিষয়াজনে মহিলাগৰাকীৰ লগত দুস্কাৰ্য সাধন কৰি তাৰ ভিডিঅ' বনাই মহিলাগৰাকীক ব্লেক মেইলিং কৰাৰো অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে৷ মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি, অভিযুক্ত আৰক্ষী বিষয়াজনৰ লগত থকা ভিডিঅ' ছ'চিয়েল মিডিয়াত এৰি দিয়াৰ ভাবুকি প্ৰদান কৰি বিভিন্ন অঞ্চললৈ মাতি নি ধৰ্ষণ কাণ্ড সংঘটিত কৰি আহিছে৷ মহিলাগৰাকীয়ে ইয়াৰ বিৰোধিতা কৰিলে শাৰিৰীকভাৱে প্ৰহাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে৷

নিৰ্যাতিতা মহিলা কনিষ্টবলগৰাকীৰ অভিযোগ পিছতে অপৰাধ নিয়ন্ত্ৰণ শাখাই অভিযুক্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ কিন্তু ৰহস্যজনকভাৱে বৰ্তমানলৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে৷