গ্লেমাৰত অহা দুৰ্বৃত্তক কোনে দিছিল ৰঞ্জিত বৰাই ধন জমা কৰিবলৈ অহাৰ তথ্য !
গ্লেমাৰত অহা দুৰ্বৃত্তক কোনে দিছিল ৰঞ্জিত বৰাই ধন জমা কৰিবলৈ অহাৰ তথ্য ! 
মুখ্য-পৃষ্ঠা

গ্লেমাৰত অহা দুৰ্বৃত্তক কোনে দিছিল ৰঞ্জিত বৰাই ধন জমা কৰিবলৈ অহাৰ তথ্য !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ সন্দৰ্ভত আৰক্ষীয়ে বহু কেইটা ক্লু লাভ কৰিছে। ঘটনাস্থলীৰ সমীপৰ আৰু পাঞ্জাবাৰী পথৰ বহুকেইটা প্ৰতিষ্ঠানত সংস্থাপিত চি চি টিভি ফুটেজ আৰক্ষীয়ে সংগ্ৰহ কৰিছে।

আৰক্ষী উৰ্ধতম সূত্ৰই এই সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকিলেও এখন গ্লেমাৰ বাইকত আহিছিল দুই দুৰ্বৃত্ত। মূৰত ক'লা হেলমেট পৰিধান কৰি অহা দুৰ্বৃত্তদ্বয়ে নাইন এম এম পিষ্টলেৰে ৰঞ্জিত বৰালৈ লক্ষ্য কৰি শূন্য দূৰত্বৰ পৰা ধনৰ টোপোলা কাঢ়ি নিবলৈ গুলীবিৰ্ষণ কৰিছিল।

ইফালে প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে দুৰ্বৃত্তৰ দলটোৱে সেই স্থানত পূৰ্বৰে পৰাই খাপপিতি আছিল। নিজৰ ৱেগনাৰ বাহনেৰে আই চি আই চি বেংকৰ সন্মুখত নামি লগত অনা দুদিনৰ সংগৃহীত ধন বেংকত জমা দিবলৈ আহিছিল ৰঞ্জিত বৰা।

কাহিলীপাৰাত বাস কৰা ৰঞ্জিত বৰা পূৰবী ডায়েৰীৰ এজন বিতৰক আছিল। নিয়মীয়াকৈ তেওঁ প্ৰতিদিনে এনেকৈ ধন জমা দিয়েহি যদিও আগদিনা দেওবাৰ হোৱাৰ বাবে দুদিনৰ ধন তেওঁ একেলগে জমা কৰিবলৈ আনিছিল।

ইফালে ৰঞ্জিত বৰাৰ পৰিয়ালে অভিযোগ কৰা মতে নিৰাপত্তাৰ দিশটোক আৰক্ষীৰ লগতে পূৰবী ডায়েৰী কৰ্তৃপক্ষয়ো অৱহেলা কৰাৰ বাবেই এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'বলৈ পালে। ৰঞ্জিত বৰাৰ মৃতদেহ সোমবাৰে জি এম চি এইছৰ মৰ্গতে ৰখা হ'ব। মঙ্গলবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ নশ্বৰ দেহ পৰিয়ালক চমজাই দিব আৰক্ষীয়ে।

ৰঞ্জিত বৰাই নিয়মীয়াকৈ ধন জমা দিবলৈ অহা তথ্য দুৰ্বৃত্তৰ দলটোক কোনো এক পক্ষই দিয়া বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে। সেই দৃষ্টিকোণেৰেও আৰক্ষীয়ে এই হত্যাকাণ্ডৰ তদন্ত কৰিব।