মুখ্য-পৃষ্ঠা

ৰঙতিত অঘটনঃ হাল বাই থাকোতে পাৱাৰটিলাই কাটি নিলে এজনৰ হাত…

asomiyapratidin

ডিজিটেল সংবাদ, শিমলুগুৰিঃ লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰঙতিৰ মিছামৰাত আজি এক অঘটন সংঘটিত হয় ৷ পাৱাৰটিলাই হাল বাই থকা অৱস্থাত এজন যুৱকৰ কাটিলে হাত ৷

প্ৰাপ্ত তথ্য মতে, ১ নং ৰঙতি মিছামৰাৰ নিবাসী বগীৰাম হাজৰিকাৰ পুত্ৰ প্ৰসেন হাজৰিকা(৩৩) ই পুৱা ৰবি শস্য খেতি কৰাৰ উদ্দেশ্যে নিজা পাৱাৰটিলাখনৰ জৰিয়তে মাটি চহোৱা অৱস্থাত পাৱাৰটিলাৰ চকা জাৱৰ-জোথৰত লাগি ধৰাত ষ্টাৰ্ট হৈ থাকোতেই সোঁহাতখনেৰে আঁতৰাব বিচাৰোতেই পাৱাৰটিলাখনৰ চকাই যুৱকজনৰ হাতখনি সম্পূৰ্ণৰুপে চিঙি পেলাই ৷

যুৱকজনে চিঞৰ বাখৰ কৰাৰ পিছত পৰিয়ালৰ লগতে স্থানীয় একাংশ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু ইয়াৰ পিছতেই যুৱকজনক চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলিলৈ লৈ যায় ৷