মুখ্য-পৃষ্ঠা

অসম-মিজোৰাম ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে…

asomiyapratidin

ডিজিটেল ডেস্ক: আজি ৩ মেৰ পৰা ৬ মেলৈ অসম-মিজোৰাম ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। সোমবাৰে ৰাষ্ট্ৰপতি ভ্ৰমণৰ পৰা জাৰি কৰা এক বিবৃতিত এই কথা উল্লেখ কৰা হৈছে।

জানিব পৰা মতে বুধবাৰে তামুলপুৰ সাহিত্য সভাৰ ৬১ সংখ্যক বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে।

ৰাষ্ট্ৰপতি গৰাকীয়ে আজাদী কা অমৃত মহোৎসৱৰ অধীনত উত্তৰ পূৱৰ উন্নয়ন মন্ত্ৰালয়ে আয়োজন কৰা গুৱাহাটীৰ এক অনুষ্ঠানটো অংশগ্ৰহণ কৰিব। ইয়াৰ মাজতে কোবিন্দে মিজোৰামো ভ্ৰমণ কৰিব।