মুখ্য-পৃষ্ঠা

ৰাম মন্দিৰৰ ভূমি পূজনত অংশ লোৱা প্ৰত্যেকেই পাব বিশেষ উপহাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে ভূমি পূজন হ'ব দেশৰ বহু চৰ্চিত ৰাম মন্দিৰৰ। ভূমি পূজনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশ গ্ৰহণকলৈ ইতিমধ্যে বিশেষ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। ৰাম মন্দিৰৰ ভূমি পূজন কাৰ্যসূচীত অংশ ল'বলৈ প্ৰধানমন্ত্ৰী পূৱা ৯.৩০ মিনিটত অযোধ্যা অভিমুখে ৰাওনা হ'ব বুলি জানিব পৰা গৈছে। ৰাম মন্দিৰৰ ভূমি পূজনৰ বুধবাৰৰ এই বিশেষ দিনটো দেশৰ বাবে এক ঐতিহাসিক দিন হ'ব বুলি মন্তব্য কৰিছে বিভিন্নজনে।

কোৰোনাৰ মহাসংক্ৰমণৰ বাবে মাত্ৰ সীমিত সংখ্যক ভক্তৰ আৰু বিশিষ্ট লোককহে ৰাম মন্দিৰৰ ভূমি পূজন কাৰ্যসূচীলৈ নিমন্ত্ৰণ কৰা হৈছ। আমন্ত্ৰিত সকলো ভক্ত আৰু বিশিষ্ট লোকক দিয়া হ'ব এক বিশেষ উপহাৰ। সকলো অতিথিক প্ৰসাদৰ লগত ৰঘুপতি লাড়ু থকা ষ্টিলৰ টিফিন দিয় হ'ব।

ইয়াৰ লগতে অংশ গ্ৰহণ কৰা সকলো ভক্ত অথবা বিশিষ্ট লোককে দিয়া হ'ব বিশেষ ভাৱে নিৰ্মিত ভগৱান ৰামৰ ৰাজসভাৰ লগতে তীৰ্থক্ষেত্ৰৰ প্ৰতীক অংকিত ৰূপৰ মুদ্ৰা। ভূমি পূজনত অংশ লোৱা অতিথিসকলক এফালে ভগৱান ৰাম, লক্ষ্মন, সীতা আৰু হনুমানৰ চিত্ৰ অংকিত আৰু আনফালে ৰাম মন্দিৰৰ ন্যাসৰ প্ৰতীক সম্বলিত ৰূপৰ মুদ্ৰা প্ৰদাণ কৰা হ'ব।

ভূমি পূজনৰ পাছত অযোধ্যাৰ নিৱাসীসকলক লাড়ু বিতৰণ কৰা হয়। জানিব পৰা মতে অযোধ্যাৰ বাসিন্দাসকলৰ মাজত বিতৰণৰ বাবে প্ৰায় ১ লাখ ২৫ হাজাৰ লাড়ুৰ ব্যৱস্থা কৰিছে ।