মুখ্য-পৃষ্ঠা

ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ’ব : ৰাকেশ টিকাইট

asomiyapratidin

ডিজিটেল ডেস্ক : দেশত কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনকলৈ কৃষকৰ প্ৰতিবাদ অব্যাহত আছে । দেশৰ বিভিন্ন প্ৰান্তত কৃষক সকলে সাব্যস্ত কৰিছে প্ৰতিবাদ । বৃহস্পতিবাৰে কৃষক নেতা ৰাকেশ টিকাইত বৃহস্পতিবাৰে হাৰিয়ানাৰ ৰামায়ণ টোল প্লাজাত কৃষকসকলক সম্বোধন কৰিবলৈ উপস্থিত হৈছিল। চৰকাৰে সান্ধ্য আইন জাৰি কৰি কৃষক আন্দোলন সমাপ্ত কৰিব বিচাৰে বুলি মন্তব্য কৰে কৃষক নেতা গৰাকীয়ে ।

কৃষক নেতা গৰাকীয়ে কয় – চৰকাৰে সান্ধ্য আইন জাৰি কৰি কৃষক আন্দোলন সমাপ্ত কৰিব বিচাৰে । কিন্তু কৃষক সকলে চৰকাৰৰ কৌশল বুজি পাইছে আৰু দাবী পূৰণ নোহোৱালৈকে কৃষক সকলে ধৰ্ণা সমাপ্ত নকৰে। টিকাইতে লগতে কয় যে যদি চৰকাৰে কৃষক সকলৰ আন্দোলন বন্ধ কৰিবলৈ চেষ্টা কৰে, তেন্তে চৰকাৰে এঘণ্টাৰ ভিতৰত উত্তৰ পাব।