মুখ্য-পৃষ্ঠা

ৰূপালী জয়ন্তীত খাদ্য গ্ৰহণৰ পাছতেই জৱাহৰ নৱোদয় বিদ্যালয়ৰ শিক্ষার্থী চিকিৎসাধীন

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ছিৰ'হীত খাদ্য বিষক্ৰিয়াৰ ফলত বৰ্তমান চিকিৎসাধীন হৈ আছে জৱাহৰ নবোদয়া বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰী। উল্লেখ্য যে, বুধবাৰে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত শিক্ষাৰ্থী সকলক দিয়া খাদ্য খোৱাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে বমি কৰিবলৈ আৰম্ভ কৰে।

ছিৰ'হীৰ এছ ডি এম গৰাকীয়ে জনোৱা মতে- 'বিদ্যালয়ত দিয়া খাদ্য খোৱাৰ পাছত শিক্ষাৰ্থীসকলে বমি কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পাছত তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে। লগতে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।'