মুখ্য-পৃষ্ঠা

পাকিস্তানে সন্ত্ৰাসবাদৰ জৰিয়তে ভাৰতক অস্থিৰ আৰু দুৰ্বল কৰিব বিচাৰিছেঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে কয়- পাকিস্তানৰ সৈতে আলোচনা কৰা তেতিয়াহে সম্ভৱ হ'ব যেতিয়া তেওঁলোকে সন্ত্ৰাসবাদক সমৰ্থন তথা প্ৰশ্ৰয় দিবলৈ এৰিব। প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয়- যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া কেৱল পাক অধ্যূষিত কাশ্মীৰ সন্দৰ্ভতহে হ'ব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে যে- 'আমিপাকিস্তানৰ সৈতে কি বিষয়ত আলোচনা কৰিম আৰু কিয় কৰিম?' লগতে জম্মু-কাশ্মীৰৰ পৰাকেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰা সন্দৰ্ভত তেওঁ কয়- 'এইসিদ্ধান্তৰ পাছত চুবুৰীয়া ৰাষ্ট্ৰখন দুৰ্বল হৈ পৰিছে আৰু এয়া তেওঁলোকৰ বাবেচিন্তাৰ কাৰণ। এতিয়া তেওঁলোকে সকলোৰে পৰা সহায় বিচাৰি আছে আৰু নিজক ৰক্ষা কৰিবলৈবহু কেইখন দেশৰ সহযোগিতা বিচাৰিছে।'

ইয়াৰোপৰি, প্ৰতিৰক্ষ মন্ত্ৰীগৰাকীয়ে কয়-'পাকিস্তানে সন্ত্ৰাসবাদৰ জৰিয়তে ভাৰতক অস্থিৰ আৰু দুৰ্বল কৰিব বিচাৰে। কিন্তুআমাৰ প্ৰধানমন্ত্ৰীয়ে দেখুৱাই দিছে যে, যিকোনো বিষয়ত সিদ্ধান্ত কেনেকৈ ল'ব লাগে।সেয়ে পুলৱামা ঘটনাৰ পাছত ভাৰতৰ বায়ু সেনা বাহিনীয়ে বালাকোটত আক্ৰমণ কৰিছিল।'