মুখ্য-পৃষ্ঠা

বিশ্বৰ প্ৰেক্ষাপটত সন্ত্ৰাসবাদীক লৈ পাকিস্তানৰ মুখা খোল খাইছে, ইয়াৰ কৃতিত্ব লাভ কৰে প্ৰধানমন্ত্ৰী মোডীয়েঃ ৰাজনাথ সিং

asomiyapratidin
  • পুনেৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
  • একাডেমীত পাছিং আউট পেৰেডৰ পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰগৰাকীয়ে।
  • তাৰ পিছতে এক সভাত অংশ লয় ভাষণ প্ৰদান কৰে ৰাজনাথ সিঙে।
  • ভাষণত সন্ত্ৰাসবাদী বিষয়ক লৈ পাকিস্তানক আক্ৰমণ তেওঁৰ।
  • 'আজি বিশ্বৰ প্ৰেক্ষাপটত সন্ত্ৰাসবাদীক লৈ পাকিস্তানৰ মুখা খোল খাইছে'।
  • তাৰ কৃতিত্ব লাভ কৰে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।'
  • 'প্ৰধানমন্ত্ৰী মোডীৰ কূটনৈতিক দক্ষতাৰ বাবেই সেয়া সম্ভৱ হৈছে।'
  • 'আজি পাকিস্তান সন্ত্ৰাসবাদী বিষয়ক লৈ সমগ্ৰ বিশ্বৰ পৰাই গৰিহণা পাব লগা হৈছে।'
  • 'পাকিস্তানে সন্ত্ৰাসবাদীৰ সহায়ত ভাৰতত গোপন যুদ্ধ চলাব বিচাৰিছে।'
  • 'কিন্তু মই অতি দায়বদ্ধতাৰে কওঁ যে পাকিস্তানে গোপন যুদ্ধত জয়লাভ কৰিব নোৱাৰে।'
  • 'ভাৰতীয় সেনাই পাকিস্তানক বাৰে বাৰে উচিত শিক্ষা দি আহিছে আৰু ভৱিষ্যতেও দিব।'