মুখ্য-পৃষ্ঠা

মই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী যে, মুখৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ কথা বেছিকৈ ওলায়ঃ কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং… চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন ২০১৯ত বিজেপি ৩০৩খন আসন লাভ কৰিছিল। আৰু তাৰ বাবে দলৰ কৰ্মকৰ্তাসকলক ধন্যাবাদ জনাই প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে। পিছে ৩০৩খন আসন লাভ কৰা বিষয়টো প্ৰতিৰক্ষামন্ত্ৰী গৰাকীয়ে ক'লে এটা ৰাইফলৰ উদাহৰণ দি। থ্ৰী নট থ্ৰী ৰাইফলটোৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে কয়।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে এক সংবাদমেলত কয় যে, তেওঁ এতিয়া এজন প্ৰতিৰক্ষামন্ত্ৰী সেয়েহে তেওঁৰ অস্ত্ৰ-শস্ত্ৰলৈ অলপ বেছিকৈ মনত পৰে। দৰাচলতে, শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিজেপিৰ কৰ্মকৰ্তাসকলক সম্বোদন কৰি ২০১৯ৰ লোকসভা নিৰ্বাচনত দলটোৰ ঐতিহাসিক বিজয়ৰ কথা উল্লেখ কৰে।

প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে কয়- 'আপোনালোকৰ দৰে কৰ্মকৰ্তায়েই ভাৰতৰ ৰাজনীতিৰ ইতিহাসত এক নতুন অধ্যায় ৰচনা কৰি ৩০৩খন আসন দখল কৰিছে। থ্ৰী ন'ট থ্ৰী… আপোনালোকে জানেনে থ্ৰী ন'ট থ্ৰী কিমান শক্তিশালী। অৰ্থাৎ নেদেখাজনে সংকেত দিছে যে, এতিয়া কেৱল 'থ্ৰী নট থ্ৰী' আছে, আৰু আগন্তুক সময়ত আৰু কি কি আহিব তাৰ আপোনালোকে কল্পনা কৰিব পাৰে। আৰু মই এজন প্ৰতিৰক্ষামন্ত্ৰী যে, সেয়েহে অস্ত্ৰ-শস্ত্ৰৰ কথা মুখৰ পৰা বেছিকৈ ওলোৱা হৈছে।'