মুখ্য-পৃষ্ঠা

প্ৰতিৰক্ষা মন্ত্ৰীয়ে দিলে পাকিস্তানক সকীয়নিঃ ১৯৬৫ আৰু ১৯৭১ত কৰা ভুল পুনৰ নকৰিব…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তানক দিলে সকীয়নি। দেওবাৰে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে ১৯৬৫ আৰু ১৯৭১ত কৰা ভুল পুনৰ নকৰিবলৈ সকীয়নি দি কয় যে- যিধৰণে তাত মানৱ অধিকাৰ উলংঘন কৰাৰ লগতে সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ আছে, তালৈ লক্ষ্য কৰিলে বুজিব পাৰি যে শীঘ্ৰেই ভাগ ভাগ হৈ যাব পাকিস্তান।

দেওবাৰে জনজাগৰণ সভা সম্বোধন কৰি প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে,সংবিধানৰ ৩৭০ ধাৰা কৰ্কট ৰোগৰ দৰে আছিল, যাৰ বাবে জম্মু-কাশ্মীৰত প্ৰায়ে মানুহৰতেজ বৈছিল। লগতে তেওঁ ১৯৬৫ আৰু ১৯৭১ৰ ভুল নকৰিবলৈ সকীয়নি দি পাকিস্তানক উদ্দেশ্যিকয় সন্ত্ৰাসবাদৰ আশ্ৰয় লৈ থকা পাকিস্তানত ফাঁট মেলিব।

কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে লগতে কয়- পাকিস্তানৰ সৈতে তেতিয়াহে আলোচনা হ'ব, যেতিয়া তেওলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে পদক্ষেপ ল'ব। আৰু পাকিস্তানে মনত ৰাখিব লাগে যে, জম্মু-কাশ্মীৰ ভাৰতৰে অভিন্ন অংগ।