মুখ্য-পৃষ্ঠা

২৬ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান…

asomiyapratidin

ডিজিটেল সংবাদ,ওৰাংঃ ২৬ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ'ব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ২০১৯-২০২০ বৰ্ষৰ পৰ্যটক তথা দৰ্শনাৰ্থীসকলৰ বাবে অহা ২৬ অক্টোবৰৰ পুৱা ১১ বজাত পৰা মুকলি কৰি দিয়া হ'ব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ মুকলি কৰিব বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে । পৰ্যটকৰ বাবে ৰাষ্টীয় উদ্যানখন মুকলি হব যদিও অৱশ্যে যোৱা বানপানীত ৰাষ্ট্ৰীয় উদ্যানখনৰ ৰাষ্টা-ঘাট অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখনৰ সকলো পৰ্যটন মাৰ্গ পৰ্যটকসকলৰ বাবে মুকলি কৰি দিব পৰা নাযাব বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই।