মুখ্য-পৃষ্ঠা

আজি ৰাজীৱ গান্ধীৰ ৭৪সংখ্যক জন্মদিন

asomiyapratidin

ডিজিটেল ডেস্কঃ আজি ৰাজীৱ গান্ধীৰ ৭৪সংখ্যক জন্মদিন। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মদিনত তেওঁৰ সমাধিস্থলীলৈ গৈ কংগ্ৰেছ নেতা তথা পৰিয়ালে প্ৰাৰ্থনা জনাই সশ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

পুৱাই ৰাজীৱ গান্ধীৰ সমাধিস্থলত উপস্থিত হয়গৈ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী। স্বামীৰ সৈতে প্ৰিয়ংকা গান্ধী ভদ্ৰাও আহি পিতৃৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, গোলাম নবী আজাদ আদিকে ধৰি বহু সংখ্যক নেতাই ৰাজীৱ গান্ধীৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পন কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম হৈছিল ১৯৪৪চনৰ ২০ আগষ্টত।