মুখ্য-পৃষ্ঠা

আপ কি আদালতৰ ৰজত শৰ্মা হ’ব বিচিচিআইৰ অধ্যক্ষ!

asomiyapratidin

ডিজিটেল জেস্কঃ আপ কি আদালতৰ সেই চিনাকী মুখখন এইবাৰ ক্ৰিকেটাৰ প্ৰশাসকৰ ৰূপত। বিচিচিআইৰ অধ্যক্ষ হ'ব পাৰে সকলোৰে চিনাকী সাংবাদিক, ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মা। সম্ভাব্য আন প্ৰাৰ্থী নথকাৰ বাবেই এই পদৰ দাবীদাৰ হৈ পৰিছে দিল্লী ক্ৰিকেট সন্থাৰ সভাপতি তথা আপ কি আদালত নামৰ টিভি অনুষ্ঠানটোৰ উদ্ভাৱক ৰজত শৰ্মা। সদ্যপ্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলিৰ ঘণিষ্ঠ বন্ধু হিচাপে পৰিচিত ৰজত শৰ্মাক এইক্ষেত্ৰত সমৰ্থন কৰাৰ সম্ভাৱনা আছে মোডী চৰকাৰৰ কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়েও।

উল্লেখ্য যে, ২২ অক্টোবৰত অনুষ্ঠিত হ'ব বিচিচিআইৰ নিৰ্বাচন। ৰজত শৰ্মাৰ লগতে সম্ভাব্য প্ৰাৰ্থীৰ তালিকাত আছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ নাম। অৱশ্যে খেলুৱৈগৰাকীয়ে বংগ ক্ৰিকেট সন্থাত পাৰ কৰিছে ৮ বছৰ। যাৰ বাবে তেওঁৰ হাতত আছে মাত্ৰ ১০ মাহ সময়।

দিল্লী ক্ৰিকেট সন্থাৰ সভাপতিৰ দায়িত্ব ২০১৮ চনৰ পৰা লৈছে সাংবাদিক ৰজত শৰ্মাই। ইফালে বিচিচিআইৰ এক সূত্ৰৰ খবৰ অনুসৰি ব'ৰ্ডৰ অধ্যক্ষ পদৰ বাবে যোগ্যতা থকা কোনো লোকে বৰ্তমান সময়ত নাই। অধিকাংশ সম্ভাৱ্য লোকেই ৭০ বছৰৰ উৰ্ধৰ অথবা তেওঁলোকৰ ৯ বছৰীয়া কাৰ্যকাল অতিক্ৰম কৰিছে।

ৰাজ্যিক সন্থা সমূহক নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনীয় কমিটিয়ে ২৮ ছেপ্তেম্বৰ তাৰিখটো বান্ধি দিছে। এইক্ষেত্ৰত সকলো দিশৰে পৰা ৰজত শৰ্মাই অধ্যক্ষ পদৰ প্ৰৱল দাবীদাৰ হৈ পৰিছে।