মুখ্য-পৃষ্ঠা

ৰাজস্থানৰ চৰকাৰী পাঠ্যক্ৰমত বালাকোটৰ এয়াৰ ষ্ট্ৰাইক, অভিনন্দন বৰ্থমান আৰু বিজেপি মন্ত্ৰী ৰাজ্যবৰ্ধন ৰাথোৰৰ কাহিনী

asomiyapratidin

ডিজিটেল ডেস্কঃ যি সময়ত কংগ্ৰেছ নেতাই চৰকাৰৰ বালাকোট এয়াৰ ষ্ট্ৰাইকৰ প্ৰমাণক লৈ প্ৰশ্নৰ উত্থাপন কৰিছে, সেই সময়তে কংগ্ৰেছ শাসিত ৰাজস্থানৰ চৰকাৰী বিদ্যালয়ৰ পাঠ্যক্ৰমত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ভাৰতীয় বায়ুসেনাই সন্ত্ৰাসবাদীৰ শিৱিৰত চলোৱা আক্ৰমণৰ কাহিনী অন্তৰ্ভূক্ত কৰাক লৈ চৰ্চা চলিছে। ৰাজস্থানৰ চৰকাৰে ৰাজ্যখনৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্ৰমত উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানৰ বীৰত্বৰ কাহিনী সংলগ্ন কৰি ছাত্ৰ-ছাত্ৰীক ভাৰতীয় সেনাৰ বীৰত্বৰ জ্ঞান দিয়াৰ চেষ্টা চলাইছে।

ইয়াৰোপৰি চৰকাৰে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী তথা জয়পুৰ (গ্ৰাম্য) লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰাজ্যবৰ্ধন ৰাথোৰৰ বিষয়েই পাঠ্যপুথিত অন্তৰ্ভূক্ত কৰিছে। ২০০৪ চনৰ সমৰ অলিম্পিকত পুৰুষৰ ডাবল ট্ৰেপত ৰাজ্যবাৰ্ধন ৰাথোৰে ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল। নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত 'ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সাহসৰ পৰম্পৰা' নামৰ এক অধ্যায়ত দেশৰ বীৰ যোদ্ধা সকলৰ লগতে অভিনন্দন বৰ্থমান আৰু ৰাজ্যবৰ্ধন ৰাথোৰৰ জীৱন কাহিনী অন্তৰ্ভূক্ত কৰা হৈছে।

ইফালে চৰকাৰী বিদ্যালয়ৰ এই নতুন পাঠ্যক্ৰম সন্দৰ্ভত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা মন্ত্ৰী গোবিন্দ সিং দোতাছৰায়ে কয়, 'আমি শিক্ষাৰ সৈতে ৰাজনীতি কৰিব নিবিচাৰো। আমি চৰকাৰী পাঠ্যক্ৰমত দেশৰ বীৰ যোদ্ধাৰ বৃত্তান্ত অন্তৰ্ভূক্ত কৰাৰ প্ৰতিশ্রুতি পূৰণ কৰিছো যাতে বিদ্যাৰ্থীসকলে প্ৰেৰণা লাভ কৰে।'