- মঙলবাৰে ভূমিস্খলনৰ ফলত দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰে এক প্ৰতিবেদন।
- এই প্ৰতিবেদনখনত কাচাৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু ডিমা হাচাওত হোৱা ভূমিস্খনৰ সন্দৰ্ভত উল্লেখ কৰা হৈছে।
- কাচাৰৰ লখিপুৰ ৰাজহ চক্ৰত ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে দুটাকৈ ঘৰ।
- ইফালে, ৭জনকৈ লোকে প্ৰাণ হেৰুৱাইছে ভূমিস্খলনৰ ফলত।
- আহত হৈছে এজন লোক।
- এই ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহত এছডিআৰএফ আৰু আছাম ৰাইফলছে অব্যাহত ৰাখিছে অভিযান।
- হাইলাকান্দিৰ ৰাজহ চক্ৰ দুটা ক্ৰমে হাইলাকান্দি আৰু আলগাপুৰত ভূমিস্খলনত ক্ষতিগ্ৰস্ত হৈছে।
- ভূমিস্খলনৰ ফলত এই অঞ্চলত ৮জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছে ৩জন।
- উক্ত অঞ্চলত আৰক্ষী বাহিনী আৰু স্থানীয় লোকে মিলি অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
- কৰিমগঞ্জৰ নিলামবজাৰ ৰাজহ চক্ৰত ১ঘৰ সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ লগতে ৩টাকৈ ঘৰ কিছু পৰিমান ক্ষতিগ্ৰস্ত হৈছে।
- এই অঞ্চলত ৬জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।
- ইফালে ভূমিস্খলনৰ ফলত আহত হৈছে ৩জন।
- ইয়াত এছডিআৰএফ আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
- ডিমা হাচাওৰ হাফলং ৰাজহ চক্ৰৰ অন্তৰ্গত মুপা-মাইবাঙৰ মাজত ৰে'ল পথ খহি পৰে।
- ৰে'ল পথ খহি পৰাৰ ফলত ব্যাহত হৈ পৰে ৰে'ল সেৱা।