মুখ্য-পৃষ্ঠা

অহা ৪৮ ঘণ্টাত অসমকে ধৰি ১৬খন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

asomiyapratidin

ডিজিটেল ডেস্কঃ  অহা ৪৮ ঘণ্টাত দেশৰ ১৬খন ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এন ডি এম এ (নেশ্যনেল ডেজিষ্টাৰ মেনেজমেণ্ট অথৰিটি)য়ে জাৰি কৰিছে এই সতৰ্কবাণী।

কেৰালা, উত্তৰাখণ্ড, পশ্চিম বংগ, অৰুণাচলপ্ৰদেশ, অসম, মেঘালয়, কৰ্ণাটককে ধৰি ১৬খন ৰাজ্যত মুষলধাৰ বৰষুণ হ'ব পাৰে।

বিশেষকৈ বংগৰ উপকূলীয় অঞ্চলত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। এই সময়ছোৱাত কোনো মাছমৰীয়াক সাগৰলৈ নাযাবলৈ সতৰ্ক কৰি দিয়া হৈছে।

উত্তৰাখণ্ডত সোমবাৰৰ পৰাই ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা তথ্যৰ আধাৰত এই সতৰ্কবাণী জাৰি কৰিছে এন ডি এম এ।

উল্লেখযোগ্য যে, বৰ্তমানলৈকে দেশত বানত নিহত হোৱা লোকৰ সংখ্যা ৭১৮ হৈছেগৈ। ইয়াৰে ২৯জনৰ মৃত্যু হৈছে কেৰালাত।