মুখ্য-পৃষ্ঠা

ৰেলপথৰ পৰা আতৰিবলৈ ১০বাৰকৈ সতৰ্ক কৰিছিলঃ অমৃতসৰৰ দছেৰা আয়োজকৰ কৰ্মকৰ্তা

asomiyapratidin

ডিজিটেল ডেস্কঃ ১৯ অক্টোবৰত অমৃতসৰত সংঘটিত শোকাৱহ ঘটনাৰ পাছত এতিয়া দেশজুৰি শোকৰ ছাঁ পৰিছে। ৰেলপথত উঠি দছেৰা উপভোগ কৰা ৬১জনৰো অধিক লোকে সাৱটিব লগা হৈছিল মৃত্যুক। ইফালে ৫০জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছিল এই দুৰ্ঘটনাত। এই ঘটনা সন্দৰ্ভত নিজৰ শোক প্ৰকাশ কৰি দছেৰা অনুষ্ঠিত কৰা আয়োজক কমিটিৰ এজন কৰ্মকৰ্তাই সোমবাৰে আপলোড কৰে এটা ভিডিঅ'।

ভিডিঅ'টোত তেওঁ কয় যে- 'মই বহুত দুখী। এই ঘটনাটো যে হ'ব মই কেতিয়াও ভবাই নাছিলো। আমি দছেৰা চাবলৈ অহা দৰ্শকৰ বাবে ৰেলপথৰ পৰা দূৰৈত সীমা বান্ধি দিছিলো। কিন্তু লোকসকলে নিজেই ৰেলপথৰ ওপৰত গৈ উপভোগ কৰিছিল দছেৰা। আমি কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত যাতে নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অগ্নিনিৰ্বাপক বাহিনী পৰ্যন্তক সাজু কৰি থৈছিলো। তাৰোপৰি দৰ্শকসকলক প্ৰায় ৮-১০বাৰকৈ সকীয়াই দিছিলো ৰেলপথৰ পৰা আতৰি যাবলৈ। কিন্তু হঠাৎ হোৱা এই দুৰ্ঘটনাই এতিয়া আমাকেই দোষাৰোপ কৰিছে। মই এই ঘটনাক লৈ বহু দুখী। এইসকল মোৰো আপোন আছিল। কেইজনমান লোকে ষড়যন্ত্ৰ ৰচি মোৰ বিৰুদ্ধে সমগ্ৰ ঘটনা দোষাৰোপ কৰিবলৈ চেষ্টা কৰিছে।'

চাওঁক ভিডিঅ'-