মুখ্য-পৃষ্ঠা

‘মোৰ সৈতে মুখামুখি তৰ্কত বহক নৰেন্দ্ৰ মোডী, ইয়াৰ পাছত তেওঁ দেশবাসীক মুখ দেখুৱাব নোৱাৰিব’

asomiyapratidin

ডিজিটেল ডেস্কঃ নিজৰ মন্তব্যৰ বাবে উচ্চতম ন্যায়ালয়ত ক্ষমা প্ৰাৰ্থনা কৰিলেও নৰেন্দ্ৰ মোডীক সমালোচনা কৰাত পিছ পৰি ৰোৱা নাই কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী। সোমবাৰে ৰায়বেৰেলীৰ এক নিৰ্বাচনী ৰেলী'ত সংবাদমাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মুকলি প্ৰত্যাহ্বান জনালে ৰাহুল গান্ধীয়ে। সংবাদমাধ্যমৰ সন্মুখত গান্ধীয়ে কয় ' ভ্ৰষ্টাচাৰক লৈ নৰেন্দ্ৰ মোডী মোৰ সৈতে ১৫ মিনিট তৰ্কত বহক। সকলো কথা তেওক সুন্দৰ ভাৱে স্পষ্ট কৰি দিয়া হ'ব।' মই কথা দিলো নৰেন্দ্ৰ মোডীয়ে এই তৰ্কৰ পাছত দেশবাসীক মুখ দেখাব নোৱাৰিব।'