মুখ্য-পৃষ্ঠা

উচ্চতম ন্যায়ালয়ত ক্ষমা খুজিলে ৰাহুল গান্ধীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ 'কথাত বঁটা পায়, কথাত কটা যায়' এই কথাষাৰেই যেন প্ৰযোজ্য হল কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ ক্ষেত্ৰত। ৰাফেল চুক্তিৰ প্ৰসংগত কৰা মন্তব্যৰ বাবে সোমবাৰে উচ্চতম ন্যায়ালয়ত ক্ষমা প্ৰাৰ্থনা কৰে ৰাহুল গান্ধীয়ে। চকীদাৰেই চোৰ শীৰ্ষক মন্তব্যৰে বিজেপি তথা মোডী চৰকাৰক সমালোচনা কৰি হলঠেঁকত পৰিল ৰাহুল গান্ধী।

কিছুদিনৰ পূৰ্বে এক সংবাদমেলত তেওঁ মন্তব্য কৰিছিল যে এতিয়া উচ্চতম ন্যায়ালয়েও চকীদাৰেই চোৰ এই কথা মানি লৈছে। ৰাহুল গান্ধীৰ এই মন্তব্য পাইছিলগৈ আদালতৰ মজিয়া । বিজেপিৰ সাংসদ মীনাক্ষী লেখিয়ে আদালত অৱমাননাৰ অভিযোগ দাখিল কৰিছিল। এই অভিযোগৰ সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ গৈ ৰাহুল গান্ধীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰৰ আৱেগতে তেও এনে মন্তব্য কৰিছিল।

সোমবাৰে বিজেপি সাংসদ মীনাক্ষী লেখিৰ আৱেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত ন্যায়াধীশ মণ্ডলীয়ে স্পষ্ট কৰি দিয়ে যে আদালতে প্ৰধানমন্ত্ৰী সন্দৰ্ভত এনে কোনো বিশেষ মন্তব্য কৰা নাছিল। উচ্চতম ন্যায়ালয়ে লগতে কয় যে ৰাহুল গান্ধীয়ে আদালতৰ ভাষ্য ভুলকৈ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আদালতে ৰাহুল গান্ধীক ২২ এপ্ৰিলৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছিল।