মুখ্য-পৃষ্ঠা

বিজেপি নেতাৰ পুত্ৰৰ কাণ্ডত স্তম্ভিত দেশ, ১৪৪ ধাৰা জাৰি কৰাটোৱেই যেন আদিত্য নাথৰ শেষ কৰ্তব্য…

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ লখিমপুৰত বিজেপি নেতাৰ পূুত্ৰই প্ৰতিবাদী কৃষকক হত্যা কৰাৰ পিছতে দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰতিবাদী কৃষকক সাক্ষাত কৰিবলৈ যোৱাৰ সময়তে উত্তৰ প্ৰদেশৰ আদিত্য নাথ চৰকাৰে প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে সমগ্ৰ দেশজুৰি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ মাজতে বুধবাৰে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে।

সাংসদ ৰাহুল গান্ধী নিশা ১২.৩০ বজাত লক্ষ্ণৌত উপস্থিত হৈছে। ৰাহুলে লক্ষ্ণৌৰ পৰা সীতাপুৰ হৈ লখিমপুৰ খেৰীলৈ যোৱাৰ কথা। ৰাহুলে ১২.৩০ বজাত লক্ষ্ণৌ বিমানবন্দৰত ৫ জনীয়া কংগ্ৰেছ প্ৰতিনিধি দলৰ সৈতে উপস্থিত হৈছে। অৱশ্যে, আৰক্ষীৰ তৎপৰতাৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ সাংসদগৰাকীয়ে লক্ষ্ণৌ এৰিবলৈ অসুবিধা পোৱা দেখা গৈছে।

প্ৰশাসনে মঙলবাৰে নিশা ৰাহুলৰ ভ্ৰমণৰ আগতেই ৰাজধানী লক্ষ্ণৌত ৮ অক্টোবৰলৈকে ১৪৪ ধাৰা জাৰি কৰিছে। ইয়াক তাৎক্ষণিক প্ৰভাৱৰ সৈতে ৰূপায়ণ কৰা হৈছে। কংগ্ৰেছে মঙলবাৰে যোগী চৰকাৰলৈ এখন পত্ৰ লিখি ৰাহুলৰ ভ্ৰমণৰ পূৰ্বে ভ্ৰমণৰ অনুমতি বিচাৰিছিল, যদিও প্ৰশাসনে এই অনুমতি প্ৰদানত অস্বীকাৰ কৰিছে।