মুখ্য-পৃষ্ঠা

‘অনিল আম্বানীয়ে যুঁজাৰু বিমান বাদেই, কাগজৰ বিমানো নিৰ্মাণ কৰিব নোৱাৰে’

asomiyapratidin

ডিজিটেল ডেস্কঃ গুজৰাটৰ গান্ধী নগৰত লোকসভা নিৰ্বাচনৰ পূৰ্বে এক ৰেলীত অংশ গ্ৰহণ কৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে। ৰেলী কাৰ্যসূচীত কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে অনিল আম্বানীক কটাক্ষ কৰি কয়- 'অনিল আম্বানীক যুঁজাৰু বিমান নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে। কিন্তু মই দাবী কৰিছো, তেওঁ কাগজৰ বিমানো নিৰ্মাণ কৰিব নোৱাৰে।'

গান্ধীনগৰত ৰাহুল গান্ধীয়ে লগতে কয়- 'প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় ভাৰতীয় বায়ু সেনাৰ ৩০হাজাৰ কোটি টকা চুৰ কৰি অনিল আম্বানীক দিছে। বিমুদ্ৰাকৰণৰ পাছত বেংকৰ সন্মুখত দীঘলীয়া শাৰী পাতিছিল দুখীয়া, কৃষক-শ্ৰমিক ৰাইজে, ক'লা ধন থকা সকলে নহয়।'