মুখ্য-পৃষ্ঠা

বিজয় চ’কৰ পৰা ৰাহুল গান্ধীক আটক…

asomiyapratidin

ডিজিটেল ডেস্কঃ ১৪৪ ধাৰা ভংগৰ অভিযোগত আটক কৰা হৈছে কংগ্ৰেছৰ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধীক। ৰাষ্ট্ৰীয় ৰাজধানীত আজি কংগ্ৰেছে মূল্য বৃদ্ধি, জি এছ টি আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অপপ্ৰয়োগৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। কংগ্ৰেছৰ এই প্ৰতিবাদৰ বাবে যন্তৰ মন্তৰত অনুমতি প্ৰদান কৰা হৈছিল যদিও অন্যান্য স্থানত ১৪৪ ধাৰা জাৰি কৰা হৈছিল।

ইয়াৰ মাজতে ৰাহুল গান্ধী আৰু প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলৰ এটা গোটে ৰাষ্ট্ৰপতি ভৱনৰ দিশে গতি কৰে। এই প্ৰতিবাদী সমদল বিজয় চ'ক পোৱাৰ সময়তে আৰক্ষীয়ে বাধা দিয়ে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰতিবাদকাৰীৰ মাজৰ পৰা আটক কৰি লৈ যায়।

ইফালে অসমতো সৃষ্টি হৈছে অনুৰূপ ঘটনা। ৰাজভৱন ঘেৰাও কৰিব যোৱা প্ৰদেশ কংগ্ৰেছৰ নেতা তথা কংগ্ৰেছ কৰ্মীসকলক আৰক্ষীয়ে ৰাজভৱন পোৱাৰ পূৰ্বেই বাধা দিয়াৰ লগতে আটক কৰিছে।