মুখ্য-পৃষ্ঠা

মোক ভয় খুৱাবলৈ চেষ্টা কৰা হৈছে, কিন্তু মই অটল থাকিম আৰু যুঁজি যামঃ ৰাহুল গান্ধী

asomiyapratidin

ডিজিটেল ডেস্কঃ 'আমাক ভীতিগ্ৰস্থ কৰাৰ প্ৰয়াস কৰি থকা হৈছে। অহৰহভাৱে এক পক্ষই আমাক ভীতি প্ৰদৰ্শন কৰি আমাৰ কণ্ঠ ৰোধ কৰাৰ চেষ্টা চলাই আছে।' – এই অভিযোগ কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীৰ। আহমেদাবাদ আদালতত তেওঁৰ বিৰুদ্ধে চলা মানহানি গোচৰৰ শুনানিকালত শুকুৰবাৰে আদালতত হাজিৰ হয় ৰাহুল গান্ধীয়ে। তাৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি নাম নোলোৱাকৈয়ে বিজেপি নেতৃত্বক আক্ৰমণৰ লক্ষ্য কৰি লয় ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীয়ে পৰোক্ষ ভাৱে বিজেপিলৈ অভিযোগৰ আঙুলি টোঁৱাই তেওঁৰ কণ্ঠ ৰোধ কৰা আৰু ভীতি প্ৰদৰ্শন কৰাৰ বাবে চেষ্টা চলাই অহা বুলি অভিযোগ কৰে। কিন্তু সিয়ে তেওঁক ভয় খুৱাব নোৱাৰে বুলি মন্তব্য কৰি ৰাহুলে কয়, 'এয়া সংবিধানৰ হকে কৰা যুদ্ধ। এয়া দেশৰ ভৱিষ্যতৰ বাবে কৰা যুদ্ধ। ভ্ৰষ্টাচাৰ আৰু অত্যাচাৰৰ বিৰুদ্ধে মই সদায় থিয় হৈ যুঁজি যাম।'

উল্লেখ্য যে, ২০১৬ চনৰ বিমুদ্ৰাকৰণৰ সময়ত গুজৰাটৰ আহমেদাবাদ জিলা সহকাৰী বেংক (এডিচিবি)-য়ে ৭৪৫ কোটি ক'লা ধন বগা কৰাৰ অভিযোগ তুলিছিল ৰাষ্ট্ৰখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সেই সময়ৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু জ্যেষ্ঠ নেতা ৰণদ্বীপ সুৰজেৱালাই। তাৰ পিছতে বেংকটোৰ সঞ্চালক অজয় পেটেলে ৰাহুল গান্ধীৰ বিৰুদ্ধে আহমেদাবাদৰ এখন আদালতত মানহানিৰ গোচৰ তৰে।

এই গোচৰৰ শুনানি গ্ৰহণ কৰি শুকুৰবাৰে আদালতে ৰাহুল গান্ধীয়ে দাখিল কৰা জামিন আবেদনৰ ভিত্তিত ১৫ হাজাৰ টকাৰ বিনিময়ত জামিন প্ৰদান কৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি হ'ব চেপ্টেম্বৰত।