মুখ্য-পৃষ্ঠা

এই সত্যাগ্ৰহ কেৱল কৃষকৰ বাবে নহয়ঃ ৰাহুল গান্ধী…

asomiyapratidin

ডিজিটেল ডেস্কঃ কৃষি আইনৰ বিৰুদ্ধে কৃষক সকলৰ প্ৰতিবাদ অব্যাহত আছে। কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে এই আইনক বিৰুদ্ধে থিয় দিয়া কৃষক সকলৰ সমস্যাবোৰ দেশবাসী তথা চৰকাৰৰ সন্মুখত দাঙি ধৰিবলৈ প্ৰয়াস কৰি আহিছে। বুধবাৰে কংগ্ৰেছ নেতা গৰাকীয়ে লক্ষ্য কৰি লয় কেন্দ্ৰীয় চৰকাৰক।

ৰাহুল গান্ধীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰি বুধবাৰে এটা টুইট কৰে, য'ত তেওঁ লিখিছে- 'এই সত্যাগ্ৰহ কেৱল কৃষকসকলৰ বাবে নহয়। এই নতুন তিনিখন কৃষি আইনৰ প্ৰভাৱ মধ্যশ্ৰেণীৰ পৰিয়ালসকলৰ ওপৰতো পৰিব, যেতিয়া এপিএমচি এক্ট নষ্ট হ'ব আৰু ৰেচনৰ দাম আকাশলংঘী হ'ব। মোডীজীয়ে কেৱল নিজৰ সাংবাদিক আৰু পুঁজিপতিসকলৰ বাবে কাম কৰি আছে। আজি সকলো সত্য ওলাই পৰিছে!'