মুখ্য-পৃষ্ঠা

মঙ্গলবাৰে দিনৰ দুই বজাত আম্বালাত অৱতৰণ কৰিব যুদ্ধ বিমান ৰাফেলে…

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে দিনৰ দুই বজাত আম্বালা বিমানঘাটিত অৱতৰণ কৰিব যুঁজাৰু বিমান ৰাফেলে। ভাৰতীয় বায়ুসেনাই জানিবলৈ দিয়ে এই কথা। উল্লেখ্যে যে মুঠ ৫৯ হাজাৰ কোটি টকা ব্যয় কৰি ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰা ৬খন ৰাফেল যুদ্ধ বিমানৰ প্ৰথম পৰ্যায়ত পাঁচখন বিমানে ফ্ৰান্সৰ পৰা আজিৰ পৰা এদিন পূৰ্বে ভাৰত অভিমুখে উৰা মাৰিছিল।

মঙ্গলবাৰে আবুধাবিৰ আল ধাফৰা বিমানঘাটিত জিৰণি লোৱাৰ পাছত বুধবাৰে দিনৰ দুই বজাত আম্বালা বিমান ঘাটিত অৱতৰণ কৰিব বুলি জানিবলৈ দিয়ে ভাৰতীয় বায়ু সেনাৰ সুত্ৰই। ইতিমধ্যে ৰাফেল অৱতৰণকলৈ সম্পূৰ্ণ প্ৰস্তুটি সম্পূৰ্ণ কৰি তুলিছে আম্বালা বিমান ঘাটিত।