মুখ্য-পৃষ্ঠা

পাটনাত কথমপি বাচিল কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ…

asomiyapratidin

ডিজিটেল ডেস্কঃ শনিবাৰে কথমপি প্ৰাণ ৰক্ষা পৰিল কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ। এখন নিৰ্বাচনীসভাত অংশ লৈ হেলিকপ্টাৰে পাটনা বিমান বন্দৰলৈ আহি আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। সেইসময়তে বিমানখন অৱতৰণ কৰিব লওতেই মন্ত্ৰীগৰাকী আহি থকা হেলিকপ্টাৰখন বিমানবন্দৰত নিৰ্মাণকাৰ্যত ব্যৱহৃত তাঁৰত হেলিকপ্টাৰখনৰ পাংখাই স্পৰ্শ কৰে। লেণ্ডিঙৰ সময়ত সংঘটিত এই দুৰ্ঘটনাই মন্ত্ৰীজনৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল যদিও হেলিকপ্টাৰ পাইলটগৰাকীৰ ততপৰাত বাবে প্ৰাণ ৰক্ষা পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।