মুখ্য-পৃষ্ঠা

পুৱাৰ খবৰ…

asomiyapratidin

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২০৪১৭১জনলৈ বৃদ্ধি

ৰাজ্যত আকৌ ২০৪জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৪১৭১জনলৈ বৃদ্ধি। ইফালে, সুস্থ হৈছে ২৯৬১জন লোক। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৮৫৭৫২জনলৈ বৃদ্ধি পাইছে। আনহাতে, চিকিৎসাধীন হৈ আছে ১৭৫১০জন ৰোগী। উল্লেখ্য যে, এই ভাইৰাছত আক্ৰান্ত হৈ ৰাজ্যত বৰ্তমানলৈ মৃত্যু হৈছে ৯০৬জন লোকৰ।

২. নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ উপ পৰিদৰ্শকক

দিল্লী আৰক্ষীৰ উপ পৰিদৰ্শক পুনীত গ্ৰেৱাল গ্ৰেপ্তাৰ। নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী উপ পৰিদৰ্শকগৰাকীক। দ্বাৰকা জিলাৰ দ্বাৰকা দক্ষিণ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁক। তেওঁৰ বিৰুদ্ধেও ইয়াৰ পূৰ্বেও বহু অভিযোগ উত্থাপন হৈছিল।

৩. মা দুৰ্গাৰ আশীষ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মহা নৱমীৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গা মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। চাবুৱাৰ মুলুক গাঁৱৰ পূজাস্থলীত উপস্থিত হৈ মূখ্যমন্ত্ৰী গৰাকীয়ে ৰোমন্থন কৰিলে শৈশৱৰ স্মৃতি। মালিগাঁও ৰেষ্টকেম্প কালীবাৰী পূজাস্থলীতো পূজা অৰ্চনা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে। ডিব্ৰুগড়ৰ পৰা পোনে ৰেষ্টকেম্পলৈ আহি অঞ্জলি অৰ্পন কৰে সোণোৱালে।

৪. ঘৰলৈ উভতিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

দীৰ্ঘদিন অসুস্থতাৰ পাছত ঘৰলৈ উভতিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। জিএমচিএইচত বহু দিনৰ পৰা চিকিৎসাধীন হৈ আছিল তেওঁ। প্রথম অৱস্থাত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল তৰুণ গগৈক। হুইল চেয়াৰত বহাই তেওঁক চিকিৎসালয়ৰ পৰা বাহনত উঠাই ঘৰলৈ লৈ যোৱা হয়।

৫. ছেমছাং ইলেক্ট্ৰনিকছৰ অধ্যক্ষ লী কুন হিৰ মৃত্যু

দেওবাৰে ছেমচাং ইলেক্ট্ৰনিকছৰ অধ্যক্ষ লী কুন-হিৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।এক আনুষ্ঠানিক বিবৃতিযোগে কোম্পানীটোৱে লীৰ মৃত্যু নিশ্চিত কৰে ।বিবৃতিটোও কোম্পানীটোৱে কয় যো, লীয়ে ছেমচাঙক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ইলেক্ট্ৰনিক কোম্পানী হিচাপে গঢ়ি থৈ গ'ল। তেওঁলোক লী ওচৰত চিৰকৃতজ্ঞ।

৬. সোণাপুৰত সংঘটিত কৰুণ ঘটনা, বিদ্যুৎ পৰিষদৰ কাণ্ডজ্ঞানহীনতাৰ বাবে এজনৰ মৃত্যু

দুৰ্গা পূজাৰ মাজতে সোনাপুৰৰ সংঘটিত হ'ল এক কৰুন ঘটনা । অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কাণ্ডজ্ঞানহীনতাৰ বাবে শনিবাৰে মৃত্যুক সাৱতি ল'লে পুস্পেস্বৰ তুমুং নামৰ এজন ব্যক্তিয়ে। জানিব পৰা মতে বিদ্যুত পৰিষদৰ বিদ্যুৎ সৰবৰাহী তাৰত লাগি থকা গছৰ ডাল কাটিবৰ বাবে দুজন লোকক হাজিৰা ভিত্তিত নিযোগ কৰা হৈছিল ।

৭. মহানগৰীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান, ১০ লক্ষাধিক জাল নোট জব্দ

মহানগৰীত জাল নোট চক্ৰৰ বিৰুদ্ধে দেওবাৰে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান ।পাঞ্জাবাৰীত জাল নোট প্ৰস্তুতকাৰীৰ চক্ৰ উৎখাত কৰে ক্ৰাইম ব্ৰাঞ্চে । জাল নোট বনোৱা মেচিনসহ ১০ লাখৰো অধিক জাল নোট জব্দ কৰে আৰক্ষীয়ে । ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে ৪ গৰাকী জালনোট সৰবৰাহকাৰীক।

৮, দেশবাসীক বিজয়া দশমীৰ শুভকামনা জ্ঞাপন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশবাসীক বিজয়া দশমীৰ শুভকামনা জ্ঞাপন কৰে ।টুইটাৰৰ জৰিয়তে শুভকামনা জ্ঞাপন কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে । দেশত কোৰোনাৰ প্ৰভাৱৰ পৰা দেশৰ সকলোকে ৰক্ষা কৰি সমৃদ্ধিৰ আৰু আনন্দৰে ভৰি পৰাৰ কামনা কৰে ৰাষ্ট্ৰপতি জনে ।

৯. ৰিজাৰ্ৱ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্ণৰ শক্তিকান্ত দাস কোৰোনাত আক্ৰান্ত

কোৰোনাত আক্ৰান্ত ৰিজাৰ্ৱ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্ণৰ শক্তিকান্ত দাস। দেওবাৰে টুইটাৰযোগে তেওঁ খোদ সদৰী কৰে এই কথা। তেওঁ টুইটাৰত কয়- 'মোৰ কোৰোনা পজিটিভ ধৰা পৰিছে।' তেওঁ বৰ্তমান আইছ'লেশ্যন হৈ আছে বুলি জানিব পৰা গৈছে।

১০. ভূমিকম্পই জোঁকাৰি গ'ল মণিপুৰ

নেশ্যনেল চেন্টাৰ ফৰ ছিছম'লজী অনুসৰি, দেওবাৰে নিশা মণিপুৰৰ বিষ্ণুপুৰ জোঁকাৰিল গ'ল ভূমিকম্পই। ৩.২ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ'ল মণিপুৰ। এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বিষ্ণুপৰৰ পৰা ১৯ কিলোমিটাৰ দূৰৈত।