মুখ্য-পৃষ্ঠা

পুৱাৰ খবৰ…

asomiyapratidin

১.শুকুৰবাৰে ভাৰত বন্ধ আৰু চকা বন্ধৰ আহ্বান…

শুকুৰবাৰে ভাৰত বন্ধৰ আহ্বান জনাই কনফাৰেশ্যন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে । শেহতীয়া সামগ্ৰী আৰু সেৱা কৰ সংশোধনী আৰু ইৱে বিধেয়কৰ বিৰোধিতাৰে ভাৰত বন্ধন আহ্বান জনাই সংগঠনটোৱে । আনহাতে ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে চকা বন্ধৰ আহ্বান জনাই ভাৰত পৰিবহন কৰ্মী কল্যান সংঘই । সংঘটোৱে দেশৰ সকলো প্ৰান্তত ইন্ধনৰ মূল্য একে কৰাৰো দাবী উত্থাপন কৰে । ইপিনে এই ভাৰত বন্ধৰ প্ৰতি এজেপি,কামৰূপ চেম্বাৰ্চ অফ কমাৰ্ছেও সমৰ্থন কৰাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ ৪০ হাজাৰো অধিক ব্যৱসায়িক সন্থাই এই বন্ধক সমৰ্থন জনাই ।

২. মুকেশ আম্বানীৰ বাসগৃহৰ সমীপত উদ্ধাৰ বিস্ফোৰক ভৰ্তি সন্দেহজনক স্ক'ৰপিও…

মুম্বাইৰ ব্যৱসায়ী মুকেশ আম্বানিৰ ঘৰ এণ্টিলিয়াৰ ওচৰত এখন সন্দেহজনক স্ক'ৰপিওত বিস্ফোৰক পোৱা গৈছে। মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী অনিল দেশমুখে এই কথা জানিবলৈ দিয়ে । এই ঘটনাৰ তদন্তৰ দায়িত্ব মুম্বাই অপৰাধ শাখাক অৰ্পন কৰাৰ লগতে ইয়াৰ লগত জড়িত দোষীক অতি শীঘ্ৰে কাৰায়ত্ত কৰা হ'ব বুলি বুলিও জানিব দিয়ে গৃহমন্ত্ৰী গৰাকীয়ে ।এই ঘটনাৰ তথ্য মুম্বাই আৰক্ষীয়ে সন্ধিয়া লাভ কৰিছিল আৰু গাড়ীখন সেই থাইৰ পৰা আতৰাই তালাচি চলোৱা হৈছিল । গাড়ীখনত জিলেটিনৰ দৰে পদাৰ্থ পোৱা যায় ।

৩. ১ মাৰ্চৰ পৰা বৃদ্ধি হ'ব গাখীৰ মূল্য…

১ মাৰ্চৰ পৰা বৃদ্ধি হ'ব গাখীৰৰ মূল্য । মধ্যপ্ৰদেশৰ দুগ্ধ উৎপাদক সংঘৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহন কৰা হৈছে বুলি জানিব পৰা গৈছে । মধ্যপ্ৰদেশৰ ২৫ খন গাওঁৰ দুগ্ধ উৎপাদক সকলে এই বৈঠক অনুষ্ঠিত কৰে । এই বৈঠকত প্ৰতি লিটাৰ গাখীৰ মূল্য ১২ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে । যাৰ ফলত এক লিটাৰ গাখীৰ মূল্য হ'ব ৫৫ টকা । পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে গাখীৰ আমদানি ৰপ্তানিৰ ক্ষেত্ৰত অধিক খৰচ বহন কৰিব লগীয়া হোৱা বাবে এই সিদ্ধান্ত গ্ৰহন কৰে দুগ্ধ উৎপাদক সকলে ।

৪. চীনৰ সৈতে হোৱা প্ৰত্যাহাৰ চুক্তিৰ অধীনত ভাৰতে কোনো ভূমি হেৰুওৱা নাই: বৈদেশিক মন্ত্ৰালয়

চীনৰ সৈতে প্ৰত্যাহাৰ চুক্তিৰ অধীনত দেশখনে কোনো ভূমি হেৰুৱাই নাই কিন্তু স্থিতি সলনি কৰাৰ প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএছচি) নিৰীক্ষণ ৰখাৰ ব্যৱস্থা একপক্ষীয়ভাৱে স্থাপন কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এই কথা ব্যক্ত কৰে । অনলাইন যোগে হোৱা এক সংবাদ মেলত শ্ৰীবাস্তৱে কয় যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতৰ স্থিতিৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন হোৱা নাই আৰু প্ৰত্যাহাৰ প্ৰক্ৰিয়াটো ক'ব নালাগে। চীনা সেনা সকলে পিছুৱাই য়োৱা প্ৰক্ৰিয়াটোক ভুল ভাবে প্ৰকাশ কৰিব নালাগে বুলি মুখপাত্ৰ গৰাকীয়ে মন্তব্য কৰে ।

৫. দুদিনতে সমাপ্ত তৃতীয় টেষ্ট : ১০ উইকেটত ভাৰতে হৰুৱালে ইংলেণ্ডক…

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত তৃতীয় টেষ্টত ভাৰতে বিজয় সাব্যস্ত কৰে । খেলখনত ভাৰতে ইংলেণ্ডক ১০ উইকেটত পৰাস্ত কৰে । এয়া ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বিশাল জয় । আনহাতে ক্ৰিকেট ইতিহাসত ২ দিনত টেষ্ট ক্ৰিকেট সমাপ্ত হোৱা ঘটনা বিৰল ।ইতিহাসত মাত্ৰ ২২ বাৰহে এনেদৰে দুদিনতে সমাপ্ত হৈছে টেষ্ট ক্ৰিকেট । ভাৰতে দ্বিতীয় দিনটোত ৪৯ ৰান সংগ্ৰহ কৰি ১০ উইকেটত ইংলেণ্ডক পৰাস্ত কৰে । খেলখনকত অক্ষৰ পেটেলে মেন অফ দ্যা মেচৰ সন্মান লাভ কৰে ।

৬. আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে আতৰালে ডনাল্ড ট্ৰাম্পৰ নিয়ম…

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে কোৰোনাৰ সময়ত প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰূপায়ণ কৰা নিয়ম আতৰাইছে । যি নিয়ম অনুসৰি গ্ৰীণ কাৰ্ডৰ আবেদনকাৰী সকলক আমেৰিকা লৈ অহাটো নিষিদ্ধ কৰা হৈছিল । এই পদক্ষেপে আমেৰিকা যুক্তৰাষ্ট্ৰত এইচ-১বি ভিছাত কাম কৰা ভাৰতীয় সকলক উপকৃত কৰিব।'গ্ৰীণ কাৰ্ড'ক আনুষ্ঠানিকভাৱে স্থায়ী বাসিন্দা কাৰ্ড বুলিও কোৱা হয়। এই কাৰ্ড আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰবাসী সকলক প্ৰদান কৰা হয় । এই কাৰ্ডে প্ৰমাণ যে সেই ব্যক্তিজনক স্থায়ীভাৱে বাস কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে ।

৭. শুকুৰবাৰে হিমা দাসক প্ৰদান কৰা হ'ব 'উপ আৰক্ষী অধীক্ষক' পদৰ নিযুক্তি পত্ৰ…

২৬ ফেব্ৰুৱাৰী শুকুৰবাৰে অসম গৌৰৱ হিমা দাসক অসমৰ উপ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ লগতে ৫৯ ৭গৰাকীক প্ৰদান কৰা হ'ব অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি পত্ৰ।উল্লেখ্য যে,শুকুৰবাৰে পুৱা ১০ বজাত গুৱাহাটীৰ সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ড'ৰ ষ্টেডিয়ামত এই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হ'ব। উক্ত অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

৮. শুকুৰবাৰে অসমলৈ আহিব আৰজেডি নেতা তেজস্বী যাদব…

শুকুৰবাৰে দুদিনীয়া ভ্ৰমণ সূচীৰে অসম ভ্ৰমনলৈ আহিব ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা বিহাৰৰ বিৰোধী দলপতি তেজস্বী যাদব । শুকুৰবাৰে সন্ধিয়া ৫ বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হ'ব আৰজেডিৰ নেতা গৰাকী ।শুকুৰবাৰে জালুকবাৰী ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ দৰ্শন কৰাৰ লগতে এখন সংবাদমেল সম্বোধন কৰিব নেতা গৰাকীয়ে । আনহাতে ২৭ ফেব্ৰুৱাৰী শনিবাৰে ৰাতিপুৱা ৭ বাজি ৩০ মিনিটত কামাখ্যা দৰ্শন কৰিব । শনিবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা ১.৪৫ বজালৈ বিভিন্ন স্থানীয় অনুষ্ঠানত অংশ লোৱাৰ লগতে এক সংবাদমেল সম্বোধন কৰিব ।

৯. এল কে নাথক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্যৰ দায়িত্ব…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য্য নিযুক্তি । অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে এই সন্দৰ্ভত এক জাননী জাৰী কৰে । বিশ্ববিদ্যালয় খনৰ অধ্যাপক এল কে নাথক ভাৰপ্ৰাপ্ত উপাচাৰ্য্যৰ দায়িত্ব প্ৰদান কৰা হৈছে । বিশ্ববিদ্যালয় খনৰ ফাৰ্মাচিউটিকেল বিভাগৰ অধ্যাপক নাথ । আনহাতে বিত্তীয় অনিয়মৰ লগতে ৰাজহুৱা ধনৰ অপব্যৱহাৰৰ অভিযোগত নিলম্বন কৰা হৈছিল বিশ্ববিদ্যালয় খনৰ প্ৰাক্তন উপাচাৰ্য্য ড০ ৰঞ্জিত কুমাৰ তামুলীক ।

১০. অৰবিন্দ কেজৰিৱালৰ জেড প্লাছ সুৰক্ষা হ্ৰাস হোৱা নাই : দিল্লী আৰক্ষী

দিল্লী আৰক্ষীয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নিৰাপত্তাৰ পৰা কমাণ্ডো আঁতৰোৱাৰ ক্ষেত্ৰত কেজৰিৱালৰ অভিযোগ নাকচ কৰিছে। আৰক্ষীৰ মতে, কেজৰিৱালে জেড প্লাছ নিৰাপত্তা পাইছে আৰু সেয়া এতিয়াও আছে। মুখ্যমন্ত্ৰী গৰাকীৰ নিৰাপত্তা হ্ৰাস হোৱা নাই।ইফালে আন এজন নিৰাপত্তা কৰ্মীৰ ঠাইত অন্য নিৰাপত্তা কৰ্মীয়ে সলনি হ'ব পাৰে। জেড প্লাছ নিৰাপত্তা অনুসৰি, ৫৩ জন আৰক্ষী কৰ্মী মুখ্যমন্ত্ৰী গৰাকীৰ ঘৰ আৰু কাৰ্যালয়ত আৰু তেওঁৰ সৈতে আছে ।