মুখ্য-পৃষ্ঠা

এনে সময়ত পাকিস্তানত গৈ কিয় গাব গান! বিৰ্তকত মিকা সিং…VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বিগত কেইটামান দিনত ভাৰত-পাকিস্তানৰ সম্পৰ্ক অতি বেয়াৰ দিশে গতি কৰিছে। শেহতীয়াকৈ ৰেল চলাচলৰ পৰা আদি কৰি ভাৰতবৰ্ষৰ ছবিৰ লৈকে সকলোখিনি বন্ধ কৰিছে পাকিস্তানে। এনে পৰিস্থিতিৰ মাজতে পাকিস্তানত সংগীতানুষ্ঠান পৰিৱেশনক লৈ বিৰ্তকৰ মাজত সোমাই পৰিছে কন্ঠশিল্পী মিকা সিং।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি মিকা সিঙে চলিত বৰ্ষৰ যোৱা ১০ আগষ্টত পাকিস্তানৰ কাৰাছীত এক বিবাহ অনুষ্ঠানত সংগীত পৰিৱেশন কৰিছিল। এই সংগীতনুষ্ঠানৰ ভিডিঅ পাকিস্তানৰ কাৰাছীৰ এগৰাকী যুৱতীয়ে টুইটাৰত আপলোড কৰাৰ পাছতে বিৰ্তকৰ অৱতাৰনা হৈছে। যুৱতীগৰাকীৰ ভিডিঅটো আপলোড কৰি তলত লিখিছে যে- ভাৰতৰ কন্ঠশিল্পী মিকা সিঙে কাৰাছীত এক সংগীত পৰিৱেশন কৰা মূৰ্হুত।

টুইটাৰত নায়লা ইনায়ত নামৰ টুইটাৰ ব্যৱহাৰকাৰী গৰাকীয়ে লিখিছে যে- এই কথা জনাবলৈ পাই সুখী হৈছো যে মিকা সিঙে আমাৰ এক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিছে। মিকা সিঙে সংগীত পৰিৱেশন কৰা ব্যক্তি গৰাকী পাকিস্তানৰ জেনেৰেল মুছাৰফ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ সম্পকীয় বুলিও দাবী কৰিছে যুৱকজনে। ইফালে ছচিয়েল মিডিয়াত এই ভিডিঅ ভাইৰেল হোৱাৰ পাছতে বহু ভাৰতীয়ই এই খবৰ মিছা বুলি মন্তব্য কৰিছে। ইফালে এই ঘটনাক লৈ মিকা সিঙে
এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই।