মুখ্য-পৃষ্ঠা

পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত কি ক’লে ৰ’ৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ পুলৱামাত চিআৰপিএফৰ ওপৰত চলোৱা আক্ৰমণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰাক্তন ৰ' (RAW) মুৰব্বী বিক্ৰম সুদে। ৪৪জনকৈ জোৱান নিহত হোৱা এই আক্ৰমণ সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- 'মই এইটো বুজি পোৱা নাই, আচলতে ভুলটো ক'ত হ'ল। কিন্তু এইধৰণৰ ঘটনাৰ বাবে সুৰক্ষা ব্যৱস্থাত আছে খুট আছিল, সেয়া স্বীকাৰ কৰিবই লাগিব।'

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰ' প্ৰাক্তন মুৰব্বীগৰাকীয়ে কয়- 'আচলতে এয়া কেনেকৈ হৈছিল মই নাজানো। কিন্তু এইটো ঠিক যে এই ঘটনাৰ সৈতে এজনতকৈ বেছি লোক জড়িত হৈ আছে।' লগতে প্ৰাক্তন ৰ' মুৰব্বীগৰাকীয়ে কয়- 'তেওঁলোকে এইটোও জানিছিল যে কোন ঠাইত এই আক্ৰমণত সংঘটিত কৰিব লাগে। আৰু যিজনে আত্মঘাতী বিস্ফোৰণ সংঘটিত কৰিছে তেওঁক নিয়োগ কৰা হৈছিল।'

এক সংবাদমাধ্যম অনুসৰি, সেনা আৰু চৰকাৰৰ তৰফৰ পৰা হ'বলগা তদন্তৰ বিষয়ত তেওঁ কয়- 'এয়া কোনো বক্সিং মেচ নহয়। প্ৰধানমন্ত্ৰীয়ে যেনেকৈ কৈছে যে, আপুনি আপোনাৰ সুবিধাৰ্থে, নিজৰ হিচাবত আৰু নিজে বাচনি কৰা স্থানত কৰক তদন্ত, এয়া আজি বা কালিৰ ভিতৰত হোৱা কথা নহয়।'

ইয়াৰোপৰি কাশ্মীৰ সন্দৰ্ভত তেওঁ কয়- 'প্ৰথমে আমি যি কৰো তাক আমি অব্যাহত ৰাখিব লাগিব। দ্বিতীয়টো কথা হ'ল, যি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া দেশৰ তৰফৰ পৰা হ'ব লাগে, কোনো দলৰ নহয়।'

আনহাতে, ৰ' মুৰব্বীগৰাকীয়ে কয়- 'এটা প্ৰক্ৰিয়া হ'ব লাগে, যাৰ দ্বাৰা আপুনি নিষ্ঠা আৰু সততাৰে কিয় এনেধৰণৰ ভুল কাৰ্য হ'ল সেই সন্দৰ্ভত তদন্ত কৰিব পাৰে। আমি আমাৰ বিফলতাৰ বাবে জনাজাত। কিন্তু ইয়াৰ পৰা কোনো অসুবিধা নাই, কাৰণ আমি শিকিবলৈ পাওঁ।'