মুখ্য-পৃষ্ঠা

আকৌ আহি গ’ল পূজা…

asomiyapratidin

► মৃদুল কুমাৰ সন্দিকৈ

আমোল-মোল শেৱালী গোন্ধ, যাওঁ বুলি যাবই নোখোজেচোন। স্নিগ্ধ শৰৎ, কপাহ কোমল জোনাক। নীলা আকাশৰ তলত, নদীৰ পাৰত নাচি থকা কঁহুৱাবোৰে পাতে শৰতৰ কথা। কি যে এক ভাল লগা সময়, কি যে এক মন-প্ৰাণ ভৰি থকা ক্ষণ। চৌদিশে কেৱল সৌন্দৰ্য। প্ৰকৃতিৰ মায়াময় ৰূপ। জোনৰ জোনাকতেই তেতিয়া নামে কবিতা।

শৰতৰ ফিৰ ফিৰিয়া বতাহজাকে ক'ৰবাৰ পৰা কঢ়িয়াই আনে শেৱালী চিনাকী সুবাস। এই বাটেৰেইতো আহে চিনাকি শৰৎ। আহিন আহি পদূলিত। গাঁৱৰ চোতালত দুৱৰিয়ে পুৱাই গা-ধোৱে নিয়ৰত। দুৱৰিৰ আগত লাগি থকা মুকুতা জিলিকি উঠে কেঁচা আৰু কোমল পুৱাৰ ৰ'দৰ পৰশত।

ফটোঃ মিনাক্ষী বৰপাত্ৰ গোঁহাই

এইবোৰেইতো শৰতৰ বৈশিষ্ট্য। শাৰদী কোমল জোনাক মায়াৰে উতলা কৰা সময় এয়া। কত হেঁপাহৰ সময় এইখিনি। জীৱনৰ হতাশা দলিয়াই দি প্ৰত্যাশা বুটলি লোৱা দিন এইবোৰ। ঠিক কোনোবাই লিখাৰ দৰে- 'এখন প্ৰাচীন অৰণ্যৰ দাঁতিত থিয় দি আছিলো। পশ্বাদ দিগন্তত ঢলিব ধৰা সূৰ্য। ক্ৰমাৎ ভাগি ছিগি দূৰৈৰ ক'ৰবাত চিটিকি পৰিছিল মোৰ ছাঁ। এনেকৈ আৰু কিমান দিন? হেৰাই গ'লো হেঁতেন। হঠাৎ আহিল শৰৎ। ভাল লাগিল মোৰ এই সময়খিনি।

মই সময়ক সুধিলো- এই অৰণ্যখন মোৰ হ'ব পাৰেনে? সেই হাঁহি, সেই চাৱনী আৰু সেই সান্নিধ্যই ভৰাই তোলা ফৰকাল আকাশৰ স্নিগ্ধতাত মই বুৰ যাব পাৰোনে? মন ভৰাই তোলা জোনাক, শেৱালী, স্নিগ্ধতাই মোক হাত বাউল দি মাতে। আকাশে হাঁহে। মোৰ অনুভৱৰ উপলব্ধি নৈৰ্বত্তিক হৈ পৰে। এতিয়া তেওঁৰেই বন্দনা, এতিয়া তেওঁৰেই কল্পনা। স্নিগ্ধ আকাশ, কহুঁৱা কোমল উশাহ আৰু অনুভৱৰ সীমনাত ৰৈ যায় এই ভাল লগা সময়।'

শৰৎ এনেকুৱাই। ই ঋতুৰ ৰাণী।জুৰিৰ পাৰত কহুঁৱা ফুলিলে মন উতলে। জোনাকৰ মায়াই লৈ যায় কোনোবা অচিন পৃথিৱীলৈ। য'ত কেৱল থাকে সৃষ্টি। সেয়ে হয়তো কাকত-আলোচনীত বিশেষ সংখ্যা প্ৰকাশ পাই এই সময়তে- 'শাৰদীয় সংখ্যা'। পূজাৰ বতৰত অধিক সৃষ্টিশীল হৈ উঠে তেওঁলোক। এই বতাহত থাকে শেৱালীৰ সুবাস। জোনাকৰ জিলমিল হাঁহিত বিৰিঙি ফুৰে শেৱালীৰ গোন্ধ।

ফটোঃ মিনাক্ষী বৰপাত্ৰ গোঁহাই

শৰতৰ সৈতে সম্পৰ্ক আছে কহুঁৱাৰ। জোনাকত নাচে সেই কহুঁৱাবোৰ। কোমল বতাহজাকে কাণে কাণে কৈ যায় সিহঁতক- আহি আছে পূজা। নদীৰ পাৰত, উতলা বতাহত, নাচি নাচি কহুঁৱাবোৰেও ৰৈ থাকে পূজাৰ বাবে। পূজা মানেই আনন্দ, পূজা মানেই ফূৰ্তি। এতিয়া আগৰ দৰে সেই ফূৰ্তি হয়তো নাই। সলনি হৈছে সময়, সলনি হৈছে পূজা। আচলতে বিশ্বকৰ্মাৰ পূজাৰ পৰাই আৰম্ভ হৈ যায় পূজা পূজা লগা অনুভৱ। তাৰ পাছৰ পৰাইতো আৰম্ভ হৈ যায় সময়ৰ গণনা- কেতিয়া আহিব দুৰ্গাপূজা? তল সৰা শেৱালীৰ মিঠা গোন্ধই চৌদিশ আমোল-মোলালে, বতাহত কহুঁৱা নাচিলে, আকাশত শুকুলা ডাৱৰে খেলিলে, দুৱৰিয়ে নিয়ৰৰ মুকুতা পিন্ধিলে আহে পূজাৰ বতৰ।

ফটোঃ মিনাক্ষী বৰপাত্ৰ গোঁহাই

এই পূজাৰ সময়খিনি বহুতৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিশ্বকৰ্মা পূজাৰ আগৰ পৰাই কিছুসংখ্যক লোকৰ ব্যস্ততা বাঢ়ে। তেওঁলোকৰ বাবেই সম্ভৱ হয় পূজা উদযাপন। মৃণ্ময় হাতেৰে গঢ় দিয়ে বিশ্বকৰ্মা, মা দুৰ্গা, গণেশ-কাৰ্তিক সকলোকে। ভীষণ ব্যস্ত তেওঁলোক এইকেইদিন। এইসকল মৃত শিল্পীৰ উপাৰ্জনৰ দিন এই কেইটা। তাৰ পাছততো মাটিৰ চাকি, মাটিৰ পাত্ৰ বনাই কোনোমতে পেট প্ৰৱতাই। কোনেনো ভাৱে তেওঁলোকৰ কথা? পূজাৰ আনন্দৰ মাজত তেওঁলোকৰ কষ্ট হেৰাই যায়।

প্ৰতিমা নিৰ্মাণৰ বাবে তেওঁলোকে দিনে-ৰাতিয়ে খাটে। য'ত দুৰ্গা পূজা পতাৰ নামত লাখৰ পৰা কোটি টকা খৰচ কৰা হয়, তাত মৃৎ শিল্পীসকলৰ সৃষ্টি ক্ৰয় কৰোতে খৰচ কৰা হয় খুব বেছি হাজাৰৰ পৰা লাখৰ ঘৰত টকা। কিন্তু পূজাৰ মণ্ডপ নিৰ্মাণ, ৰং-বিৰঙৰ আলোকসজ্জাৰ বাবে লাখ লাখ ধন পানীৰ দৰে ব্যয় কৰে। অথচ আমি পাতো দুৰ্গা পূজা। আৰাধনা কৰো মা দুৰ্গাক। সেই সকল মৃৎ শিল্পীয়ে সৃষ্টি কৰি দিয়া নিস্প্ৰাণ প্ৰতিমাই প্ৰাণ উঠে এইকেইদিন।

অসমত মৃৎ শিল্পীসকলৰ আৰ্থিক দুৰাৱস্থাৰ কথা সকলোৱে জানে। কিন্তু তেওঁলোকৰ হৈ কোনেও মাত নামাতে। তেওঁলোক সদায় আঁৰতে ৰৈ যায়। এতিয়া কোনোবা তিনিআলি-চাৰিআলিত ব্ৰেণ্ডৰ নাম লৈ খোলা চাহৰ ষ্টলৰ সন্মুখত থিয় হৈ মাটিৰ পাত্ৰত চাহ খোৱাতো এটা ফেশ্বন। সেই বিলাসীতাৰ নামতো ধন ব্যয় কৰিবলৈ মানুহ সাজু থাকে।

কিন্তু এই শিল্পক ধৰি ৰাখিবলৈ কৰিব লগাখিনি চৰকাৰে নকৰে। সেই কথা ভাবিবলৈ কাৰোৰে আজৰি নাই। অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত পূজা হয়। ৰাসৰ মৃণ্ময় মূৰ্তিত প্ৰাণ দিয়ে এইসকল শিল্পীয়ে। জীয়া কাহিনী এটা নিস্প্ৰাণ মূৰ্তিবোৰৰ মাজত ফুটাই তোলে। সেই বাবেই তেজ-মঙহেৰে গঢ়া চৰিত্ৰৰে ৰূপায়ন কৰা ৰাসতকৈ মৃণ্ময় মূৰ্তিত ফুটি উঠা কৃষ্ণৰ যৌৱনৰ লীলা চাবলৈ মানুহৰ বেছি ভিৰ হয়।

পূজা বুলিলেই জেলেপী, পূজা মানেই বেলুন, পূজা মানেই নতুন চোলা। এতিয়া অৱশ্যে এই ধাৰণা সলনি হৈছে। বহুতৰ বাবে পূজা মানেই বিলাস। পূজাৰ বন্ধ মানেই কোনোবা ঠাইলৈ ফুৰিবলৈ যোৱা পৰিকল্পনা। পূজা মানেই সপৰিয়ালে বাহিৰত খানা। আৰু হেৰাই গৈছে লাহে লাহে পূজাৰ বেলুন। এটা দিন আছিল কাৰোবাৰ চাইকেলৰ আগত উঠি পূজা চাবলৈ যাওঁতে মনত লৈ যোৱা উৎকণ্ঠা আৰু হেঁপাহ।

আবেলি ঘূৰি আহোতে দুহাতত লৈ অহা 'সাপ বেলুন' বা ডাঙৰ ৰং-চঙীয়া বেলুনবোৰৰ মাজতেই কেন্দ্ৰিভূত হয় সকলো হেঁপাহ। সেই অনুভৱবোৰ আজি প্ৰজন্মই হয়তো কৰিব নোৱাৰিব। পূজাৰ বেলুন তেওঁলোকৰ বাবে এতিয়া অলাগতিয়াল বস্তু। যিসকলে পূজাৰ সেই পুৰণি দিনৰ স্মৃতি মনত লৈ ফুৰিছে। ফুলাই দিয়া বেলুনটোৰ পৰা ওলোৱা গোন্ধ, পূজাৰ সময়খিনি শেৱালীৰ সুগন্ধতকৈ কম নহয়।

পূজা প্ৰতি বছৰে আহে। পূজা প্ৰতিবছৰে শেষ হয়। পূজাক উপভোগ কৰা আমাৰ প্ৰৱণতা সলনি হৈছে। কেৱল সলনি হোৱা নাই পূজাৰ প্ৰতি থকা আধ্যাত্মিক চিন্তা-ধাৰা। তাৰ বিপৰীতে পূজা এতিয়া কেৱল উৎসৱ হৈ থকা নাই। আনন্দ-ফূৰ্তিৰ এক মাধ্যম হৈছে। সাহিত্যৰ সাধনাৰ এক মাইলৰ খুঁটিৰূপে প্ৰস্তুতি চলে পূজাৰ সময়ত। পূজা আলোচনী মানেই সদায় বিশেষ।

পূজা মণ্ডপ মানেই কেৱল মন্দিৰ নহয়। কোনে জানে এইবাৰ যে নহ'ব পূজাৰ এক থ্ৰিম অসমৰ হিমা। এনেকৈয়ে চলি আহিছে দুৰ্গা পূজা। কেতিয়াবা যদি ৱাশ্বিংটনৰ হোৱাইট হাউছৰ আৰ্হিত মণ্ডপ বনোৱা হয়, আন কেতিয়াবা কাৰ্গিলৰ যুদ্ধও হৈছে পূজাৰ মণ্ডপৰ আৰ্হি। মানুহৰ এই পৰিৱৰ্তনশীল চিন্তা-চেতনাত হয়তো স্থায়িত্ব নাই, আছে সামকিয়ভাৱে মানুহক আকৰ্ষণ কৰিব পৰা কিছু তৰল চিন্তাৰ প্ৰতিফলন। তথাপিও মানুহ আহে সেইবোৰ স্থানলৈ।

পূজাৰ মাজতেই যেন হেৰাই গৈছে পূজা। অতি ধুমখুমিয়া আয়োজনৰ তৎপৰতাত হেৰাই যায় মা দুৰ্গা, মহিষাসুৰ। দুৰ্গা পূজা এক অপশক্তিৰ বিনাশ কৰাৰ প্ৰতীক। কিন্তু কেতিয়াবা মা দুৰ্গাত কৈ ডাঙৰ হয় মহিষাসুৰৰ মূৰ্তি। এয়া ছাগৈ মানুহৰ মানসিকতাৰে প্ৰতিফলন। অপশক্তিৰেই প্ৰভাৱ এতিয়া সৰ্বাধিক। সেয়ে অপশক্তিক বিনাশ কৰা দুৰ্গাতকৈ মানুহে কেতিয়াবা গুৰুত্ব দিয়ে অপশক্তিৰ প্ৰতীক মহিষাসুৰক।

পৰিৱৰ্তনৰ মাজত বহু ভাল দিশো সোমাইছে। কিন্তু অত্যাধিক পূজাৰ বাণিজ্যকৰণে প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে অহা দুৰ্গা পূজাৰ সেই চিধা বাট ৰুদ্ধ কৰি দিয়ে। আগতে শেৱালীৰ গোন্ধ, শৰতৰ ভাল লগা প্ৰাকৃতিক পৰিৱেশে দিছিলহি পূজা অহাৰ বতৰা। এতিয়া পূজা আহিলে চহৰে-নগৰে ডাঙৰ ডাঙৰ হৰ্ডিং লাগে, য'ত লিখা ঠাকে- 'পূজাৰ বাম্পাৰ অফাৰ!'

যেনেকৈয়ে আহক, এইবাৰো আহিছে পূজা। মুহূৰ্তৰ বাবে হ'লেও মানুহে উপলব্ধি কৰিছে- পূজা পূজা লাগিছে মন। দোকানত ওলমিছে দুৰ্গা পূজাৰ শাৰদীয় সংখ্যাৰ সাহিত্য সম্ভাৰ। ঠাণ্ডা এজাক কোমল বতাহে চুই গৈছে। গাঁৱত দুৱৰিয়ে ভৰা পদূলিবোৰত পুৱা নিয়ৰৰ টোপাল সৰিছে। এনেকৈয়ে আকৌ এবাৰ পূজা আহিছে।