সদৌ অসম তৰুন বিদ্যাৰ্থী সমাজৰ প্ৰাদেশিক যুৱ সমাৰোহ...
সদৌ অসম তৰুন বিদ্যাৰ্থী সমাজৰ প্ৰাদেশিক যুৱ সমাৰোহ... 
মুখ্য-পৃষ্ঠা

সদৌ অসম তৰুন বিদ্যাৰ্থী সমাজৰ প্ৰাদেশিক যুৱ সমাৰোহ...

Asomiya Pratidin

ডিজিটেল সংবাদ বান্দৰদেৱাঃ সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাদেশিক যুৱ সমাৰোহ আৰু আচাৰ্য ইলাৰাম দাসৰ ৯৪সংখ্যক জন্ম জয়ন্তী আজি সফল সমাপ্তি হয়।তিনিদিনৰ পৰা উখল মাখল পৰিৱেশ সৃষ্টি কৰা সমাৰোহস্থলী আজিৰ পৰা নিজম পৰিল।

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক যুৱ প্ৰতিনিধিৰ লগতে আই বাপ সমস্তক বিদায় দিয়াৰ বেলাত শোকত ভাগি পৰা ভক্তপ্ৰাণ বৈষ্ণৱৰ চকুত আজি দেখা গ'ল কেৱল চকুলো।

লখিমপুৰ জিলাৰ হাৰমতী বাঁহবাৰীস্থিত জিলা পালনাম থান তথা মিলন সত্ৰত তিনিদিনীয়া সূচীৰে যোৱা ২২ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীৰ প্ৰথম দিনা প্ৰাতঃ প্ৰসঙ্গ,পৰিৱেশ নিকাকৰণ,তোৰণ উন্মোচন,ধৰ্মধ্বজ্বা উত্তোলন,স্মৃতি তৰ্পন,গছপুলি ৰোপন,প্ৰাৰ্থনা সভা,মধ্যাহ্ন প্ৰসঙ্গ,ভোজনালয়ৰ দ্বাৰ উন্মোচন,ভকত আদৰণি,শিৱিৰ মুকলি,সান্ধ্য প্ৰসঙ্গ আৰু সম্বৰ্ধনা আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়।

২৩ডিচেম্বৰত পৰম্পৰাগত কাৰ্যসূচী হৈ যোৱাৰ পিছত ভাগৱত শোভাযাত্ৰা, মধ্যাহ্ন প্ৰসঙ্গ,আচাৰ্য ইলাৰাম দাস'ৰ স্মৃতিচৰণ সভা,স্মৃতি গ্ৰন্থ উন্মোচন আদি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। আজি অন্তিম দিনটোত পুৱা ঘোষা চক্ৰ সামৰণিৰ লগতে বিদায় সম্ভাষণেৰে তিনিদিনীয়া সূচী সামৰণি পৰে। সামৰণি অনুষ্ঠানত ভকত বৈষ্ণৱৰ মাজত এক শোকাকুল পৰিৱেশ সৃষ্টি হয়।