শংকৰদেৱ শিশু নিকেতনৰ বৰ্ণিল শোভাযাত্ৰা
শংকৰদেৱ শিশু নিকেতনৰ বৰ্ণিল শোভাযাত্ৰা 
মুখ্য-পৃষ্ঠা

শংকৰদেৱ শিশু নিকেতনৰ বৰ্ণিল শোভাযাত্ৰা

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঘিলামৰাত স্বকীয় মাৰ্গ দৰ্শনেৰে গুণগত আনুষ্ঠানিক শিক্ষাৰ গৰিমা বিলাই ২৫ বছৰীয়া বৰ্ণিল পৰিক্ৰমা অতিক্রম কৰিলে  শংকৰদেৱ শিশু নিকেতন ঘিলামৰাই । ঘিলামৰাৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ অন্যতম সমুজ্জ্বল নক্ষত্ৰ স্বৰূপ এই শিক্ষানুষ্ঠানখনৰ সফল যাত্ৰাক সশ্ৰদ্ধ স্মৰণৰ লক্ষ্যৰে বৰ্ষজোৰা কাৰ্যসূচী পালনৰ পৰৱৰ্তী সময়ত মঙ্গলবাৰে সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।

পুৱা নিকেতন পৰিয়ালৰ বন্দনাৰ পাছতে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই শুভ উদ্বোধন কৰা দৃষ্টিনন্দন শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমীয়া ধৰাবাহিক তথা মঞ্চৰ অভিনেত্ৰী ভ্ৰান্তি মেধিৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।

ঘিলামৰাৰ শিক্ষাসদী ৰাইজ, নিকেতন পৰিয়াল, প্ৰাক্তন শিক্ষাৰ্থী,শিক্ষক কৰ্মচাৰীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় মাত্ৰা বহনকাৰী বৰ্ণময় সাংস্কৃতিক দল , বিভিন্ন লোক কলা সংস্কৃতিৰ প্রদর্শনৰ লগতে ঘিলামৰাবাসীৰ স্বতঃস্ফুৰ্ত অংশগ্ৰহনেৰে বিশাল ৰূপ লোৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই বৃহত্তৰ ঘিলামৰা অঞ্চল পৰিভ্ৰমণ কৰি দৰ্শক ৰাইজক সন্মোহিত কৰে।

পাছত নিকেতন প্ৰাংগণত শোভাযাত্ৰাৰ সফল সামৰণি মৰাৰ পৰৱৰ্তী সময়ত জয়ন্তীৰ মণ্ডপত এক সৃজনী মূলক বক্তব্য আগবঢ়াই বিশিষ্ট অধিবক্তা , সংবাদকৰ্মী দীপক শৰ্মাই । মঙ্গলবাৰে মহোৎসৱৰ দ্বিতীয় দিনাৰ সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। উল্লেখ্য যে সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিদ্যালয়খনৰ এই  ৰূপালী জয়ন্তী মহোৎসৱ আৰম্ভ হৈছে আৰু বুধবাৰে জয়ন্তীৰ শুভ সমাপ্তি হ'ব।