মুখ্য-পৃষ্ঠা

একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোডীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাবলৈ বনোৱা পোষ্টাৰত প্ৰধানমন্ত্ৰীৰ ফটোৰ সৈতে দেখা গ'ল উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্ত কুলদীপ সিংহ ছেংগাৰ ফটো। এই পোষ্টাৰখনক লৈ ক্ষোভ ব্যক্ত কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে টুইটাৰত বিৰোধিতা কৰিলে ইয়াক লৈ।

উত্তৰপ্ৰদেশত স্বাধীনতা দিৱস উপলক্ষে ছপা হৈছিল এই পোষ্টাৰখন। আৰু প্ৰধানমন্ত্ৰীসহ বিজেপিৰ কেইবাগৰাকীও নেতা-নেত্ৰীৰ সৈতে পোষ্টাৰখনত দেখা গ'ল উন্নাৱ বলাৎকাৰ কাণ্ডৰ অভিযুক্ত কুলদীপ ছেংগাৰক।

প্ৰিয়ংকাগান্ধীয়ে টুইটটোত লিখিছে- 'চিবিআই-য়ে ৰিপৰ্ট দিলে। কিন্তু বিজেপিৰ হৃদয়ত এতিয়াওবলাৎকাৰ কাণ্ডৰ অভিযুক্ত কুলদীপ সিংহ ছেংগাৰৰ স্থান আছে। বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰফটোৰ সৈতে তেওঁৰ ফটো আছে…'

উল্লেখ্যযে, কিছুদিন পূৰ্বে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুখ্য অভিযুক্ত কুলদীপ সিংহ ছেংগাৰকবিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছিল। কিন্তু স্বাধীনতা দিৱসত এই পোষ্টাৰখনতপ্ৰধানমন্ত্ৰী মোডীৰ সৈতে কুলদীপ ছেংগাৰৰো ফটো দেখা গ'ল। আৰু এই পোষ্টাৰখনক লৈএনেদৰে টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।