মুখ্য-পৃষ্ঠা

ডাক্তৰ হ’ব বিচাৰে শ্বহীদ জোৱানৰ কন্যাই, দায়িত্ব ল’লে প্ৰিয়ংকা গান্ধীয়ে

asomiyapratidin

ডিজিটেল ডেস্কঃ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত শ্বহীদ হোৱা এগৰাকী জোৱানে কন্যাক লৈ দেখা সপোন পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। শ্বহীদ জোৱান অজিত কুমাৰ আজাদে তেওঁৰ কন্যা ইশাক এগৰাকী চিকিৎসকৰ ৰূপত চোৱাৰ কথা প্ৰায়ে কৈছিল। কিন্তু তেওঁৰ সেই সপোন বাস্তৱ কৰাৰ পূৰ্ৱেই পুলৱামাত শ্বহীদ হয় অজিত কুমাৰ আজাদ।

উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ শ্বহীদ জোৱানগৰাকীৰ পৰিয়ালত উপস্থিত হোৱাত কণমানি ইশাই তাইক লৈ পিতৃয়ে দেখা সপোনৰ কথা কৈ স্থানীয় কংগ্ৰেছ নেত্ৰী অনু টেণ্ডনৰ সন্মুখত ফেঁকুৰি উঠে। কোনোদিন আৰু তাই চিকিৎসক হ'ব নোৱাৰিব বুলি দুখ প্ৰকাশ কৰাৰ সময়তে অনু টেণ্ডনে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক কণমানি শিশুটিক লৈ পিতৃয়ে দেখা সপোনৰ কথা অৱগত কৰায়।

ইয়াৰ পিছতে প্ৰিয়ংকা গান্ধীয়ে নিজাববীয়াকৈ শিশুটিৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰে। শিশুটিক চিকিৎসক কৰিবলৈ প্ৰয়োজনীয় সকলো সা-সুবিধা আৰু পঢ়াৰ খৰছ বহন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰিয়ংকা গান্ধীয়ে।