মুখ্য-পৃষ্ঠা

যোগী আদিত্য নাথক কটাক্ষ প্ৰিয়ংকা গান্ধীৰঃ তেওঁৰ চৰকাৰে ২ বছৰত একো কৰা নাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে যোৱা ২ বছৰত ৰাজ্যখনৰ উন্নতিৰ বাবে কি কি কাম কৰিলে তাৰ এক খতীয়ান দাঙি ধৰিছিল। তাৰপাছতেই উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰে কংগ্ৰেছৰ পূব উত্তৰপ্ৰদেশৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে।

প্ৰিয়ংকা গান্ধীয়ে সংবাদমাধ্যমৰ আগত কয়- 'যোগী আদিত্য নাথ চৰকাৰে কোৱা খতীয়ান, পদোন্নতি আদি কথাবোৰ শুনিবলৈ ভাল। কিন্তু প্ৰকৃতাৰ্থত ইয়াৰে একো হোৱা নাই। মই ৰাইজৰ সৈতে এই সদায় মিলিত হওঁ। তেওঁলোক সকলো সংকটত আছে।'