মুখ্য-পৃষ্ঠা

প্ৰধানমন্ত্ৰীয়ে বক্তব্যৰ মাজত কিয় উল্লেখ কৰিলে ‘গামোচা’ৰ প্ৰসংগ…VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে বিয়লি ৪বজাত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোৰোনা সংকটৰ সময়ত দেশবাসীক অধিক সৰ্তক হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ১জুলাইৰ পৰা আনলক-২ আৰম্ভ হৈছে যদিও যি প্ৰকোপত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে তাৰ প্ৰতি লক্ষ্য ৰাখি অধিক সৰ্তক হব লাগিব।

দেশখনক অৰ্থনৈতিক দিশৰ পৰা অধিক সবল কৰি তোলাৰ বাবে আগন্তুক সময়ত চৰকাৰখনে কাম কৰিব। লগতে যিসকল লোকে এই সময়ত নিয়ম পালন কৰা নাই, তেওঁলোক যি পদবীতে নাথাকক কিয়, তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বক্তব্যৰ শেষৰ ফালে উল্লেখ কৰে, অসমীয়াৰ স্বাভিমান গামোছাখনৰ কথা। কোৰোন সংকটৰ সময়ত দুই গজৰ দুৰত্বৰ লগতে মাস্ক, গামোচা প্ৰতি মূৰ্হুততে লগত ৰাখিবলৈ আহ্বান জনায় মোডীয়ে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে এই সম্বোধন কালত গামোচাৰ ব্যৱহাৰক কৰা মন্তব্যক লৈ ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে।

গামোছাৰ কথা উল্লেখ কৰা তেওঁ ভাষণৰ কিয়দাংশঃ