মুখ্য-পৃষ্ঠা

ভাৰতীয় বায়ু সেনালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা…

asomiyapratidin

ডিজিটেল ডেস্ক : বৃহস্পতি বাৰে ভাৰতীয় বাযু সেনাৰ ৮৮ তম বায়ু সেনা দিৱস । বায়ু শক্তিৰ ৮৮ তম বাৰ্ষিকীত বায়ু সেনাৰৰ জোৱানলৈ শুভেচ্ছা জনাই দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

মোডীয়ে টুইটযোগে বায়ু সেনাৰ জোৱান সকললৈ শুভেচ্চা জনাই । প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইটাৰ যোগে কয় – " বায়ু সেনা দিৱসত ভাৰতীয় বায়ু সেনাৰ সকলো জোৱানক বহুত বহুত শুভকামনা । আপোনালোকে কেৱল দেশৰ আকাশক সুৰক্ষিত নকৰে, দুৰ্যোগৰ সময়ত মানৱতা সেৱা কৰাত অগ্ৰণী ভূমিকা পালন কৰে। মাতৃ ভাৰতীক ৰক্ষা কৰাৰ বাবে আপোনাৰ সাহস, বীৰতা আৰু নিষ্ঠাই সকলোকে অনুপ্ৰেৰিত কৰিব।"