মুখ্য-পৃষ্ঠা

কৰিব পাৰে ডাঙৰ ঘোষণা! মঙলবাৰে ৪বজাত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে বিয়লি ৪বজাত দেশবাসীক সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোৰোনাৰ সংক্ৰমণৰ লগতে ভাৰত-চীনৰ সীমান্তত অব্যাহত সংঘাতৰ দৰে বিষয়ক লৈ মন্তব্য ৰাখিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে যিহেতু অহা ১জুলাইৰ পৰা সমগ্ৰ দেশত আনলক-২ আৰম্ভ হ'ব গতিকে ইয়াৰ পৰিপ্ৰেক্ষিতত ৩০জুনৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী গুৰুত্বপূৰ্ণ ঘোষণাও কৰিব পাৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন কী বাতৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিছিল।