মুখ্য-পৃষ্ঠা

কোৰোনাৰ সন্দৰ্ভত অসম কন্যা হিমা দাসৰ সৈতে কি কথা পাতিলে প্ৰধানমন্ত্ৰীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে দেশবাসীক সম্বোধন কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ ক্ৰীড়াক্ষেত্ৰৰ সৈতে জড়িত ৪০ গৰাকী ব্যক্তিৰ সৈতে মত বিনিময় কৰে। দেশক জটিল সন্ধিক্ষণত সকলোয়ে যাতে মনোবল নেহেৰুৱায় তাক লৈ আলোচনা হয় সকলোৰে লগত। লগতে দেশৰ প্ৰতিখন ৰাজ্যৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে প্ৰত্যেকৰে সৈতে।

ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে কথা পতা এই ৪০ গৰাকী ব্যক্তিৰ ভিতৰত আছিল সৌৰভ গাংগুলী, শচীন তেণ্ডুলকাৰ, পি ভি সিন্ধুৰ লগতে বহুকেইগৰাকী ক্ৰীড়াবিদ। এই ক্ৰীড়াবিদ সকলৰ ভিতৰত আছিল অসম কন্যা হিমা দাসো। সকলোকে কোৰোনাৰ বাবে যুজাঁ এই যুজত সহায় সহযোগিতা কামনা কৰিলে নৰেন্দ্ৰ মোডীয়ে।